ৰাজ্যৰ শেহতীয়া ক’ভিড পৰিস্থিতি আৰু ভেকচিন সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে ক’লে , সোমবাৰৰ পৰা ৰাজ্যত প্ৰতিদিনে তিনি লাখ লোকক ভেকচিন প্ৰদানৰ লক্ষ্য বান্ধিছে ৰাজ্য চৰকাৰে। পুৱা ৮ বজাৰ পৰা নিশা ৯ বজালৈ নগৰাঞ্চলত দিয়া হ’ব ভেকচিন। দুটা শ্বিফ্টত ভেকচিনৰ কাম চলিব। গাঁৱত এটা শ্বিফ্টত ভেকচিন দিয়া হ’ব। সেইদৰে ১৮, ৪৫ বছৰ বুলি নাথাকিব ।
২১ জুনৰ পৰা ভেকচিন আৰু ক্ৰয় কৰিব নালাগে। ভাৰত চৰকাৰে প্ৰদান কৰিব ভেকচিন। এমাহত ৯০ লাখে পাব ভেকচিন। এতিয়ালৈ প্ৰায় ৫০ লাখ লোকক দিয়া হৈছে ভেকচিন। ইয়াৰ বাবদ স্বাস্থ্যকৰ্মীয়ে প্ৰতিদিনাই পাব ১০০ টকাকৈ। সোমবাৰৰ পৰা প্ৰতিদিনাই ৩ লাখ লোকক ভেকচিন প্ৰদানৰ লক্ষ্য বান্ধি লৈছে। ১৮ বছৰৰ উৰ্ধৰ লোকেও পাব ভেকচিন।
টীকাকৰণ কেন্দ্ৰতে হ’ব অনলাইন পঞ্জীয়ন। ১ জুলাইৰ পৰা চৰকাৰী কাৰ্যালয় খুলিব লাগিব।
সেয়েহে চৰকাৰী কৰ্মচাৰীসকলে যাতে ভেকচিন লয় তাৰ বাবে আহ্বান মুখ্যমন্ত্ৰীৰ।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলত লগতে কয়, তিনি লাখ লোকক এটা দিনত ভেকচিন দিয়াৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। ২ লাখ ৬০ হাজাৰ ভেকচিন দিব পাৰিলে ভাৰত চৰকাৰে তিনি লাখ ভেকচিন প্ৰদান কৰিব। অহা সোমাবৰৰ পৰা এটা দিনত তিনি লাখ ভেকচিন দিয়াৰ লক্ষ্য। প্ৰথমৰ লগত দ্বিতীয় ড’জৰ ভেকচিন দিয়া হ’ব।
গাৰ্জেন মিনিষ্টাৰ আৰু গাৰ্জেন ছেক্ৰেটাৰীয়ে অহা ৭ দিন নিজৰ নিজৰ জিলাসমূহত কেম্পেইন কৰিব।
জিলাসমূহৰ প্ৰশাসন, উপায়ুক্তৰ সৈতে আলোচনাত বহাৰ পাছত মুখ্যমন্ত্ৰীয়ে এই সংবাদমেল সম্বোধন কৰে ।
লগতে পঢ়ক খুমটাইৰ এটি শিশুৰ অসাধাৰণ প্ৰতিভা