মহামাৰী ক’ভিডৰ পৰা সকলোকে সুৰক্ষিত কৰি ৰখাৰ উদ্দেশ্য আগত ৰাখি কামৰূপ মহানগৰ জিলাত শনি আৰু দেওবাৰে ১৮ বছৰৰ পৰা ৪৪ বছৰ বয়সৰ লোকসকলক প্রথম পালি ক’ভিড প্রতিষেধক প্রদানৰ এক বৃহৎ কার্যসূচী গ্রহণ কৰা হৈছে৷ জিলাখনত মুঠ ৫৮টা কেন্দ্রত এই টিকাকৰণ কৰা হ’ব৷ কেন্দ্রসমূহত অনলাইন বুকিং আৰু প্রতিষেধক কেন্দ্রত পঞ্জীয়নৰ জৰিয়তে প্রতিষেধক ল’ব পাৰিব৷
জিলাখনত মুঠতে ৫৮টা কেন্দ্ৰত এই টিকাকৰণ কৰা হ’ব। কেন্দ্ৰ সমূহত অনলাইন বুকিং আৰু প্ৰতিষেধক কেন্দ্ৰত পঞ্জীয়নৰ জৰিয়তে প্ৰতিষেধক ল’ব পাৰিব। চৰকাৰী স্বীকৃতিপ্ৰাপ্ত পৰিচয়পত্ৰ লৈ ১৮ বছৰৰ পৰা ৪৪ বছৰ বয়সৰ লোকসকলে নিৰ্দিষ্ট কেন্দ্ৰসমূহত ভেকছিন ল’ব পাৰিব। অন্যহাতে ৫ মে’ আৰু ৭ মে’ তাৰিখে কোভেক্সিনৰ প্ৰথম পালি লোৱা জিলাখনৰ ব্যক্তি সকলক অহা ১৪ জুনত একে কেন্দ্ৰতে একেই সময়তে দ্বিতীয় পালি ল’বলৈ আহ্বান জনোৱা হৈছে।এই ক্ষেত্ৰত কোভেক্সিনৰ প্ৰথম পালি প্ৰতিষেধক লোৱাৰ প্ৰমাণ আৰু ফটো পৰিচয় পত্ৰ লগত নিব লাগিব।
লগতে পঢ়ক জৰায়ুৰ অষ্ট্ৰোপচাৰৰ পিছতেই জীৱনলৈ অন্ধকাৰ নামি আহিল গোৰেশ্বৰৰ নিলীমা দাসৰ