আজিৰে পৰা স্বাস্থ্য কর্মী, আগশাৰীৰ কৰ্মী আৰু অন্যৰোগত আক্রান্ত ৬০ বছৰ উৰ্ধৰ ব্যক্তিসকলক বুষ্টাৰ ড’জ অৰ্থাৎ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ বাবে কভিড প্রতিষেধকৰ অতিৰিক্ত পালি প্ৰদানৰ প্ৰক্ৰিয়া আৰম্ভ হ’ব।
ইতিমেধ্য কভিড প্রতিষেধকৰ দুয়োপালি গ্ৰহণ কৰা যোগ্য লোকসকলে আগতীয়াকৈ সময় লৈ অথবা পোনে পোনে কভিড প্রতিষেধক প্রদান কেন্দ্ৰলৈ গৈ বুষ্টাৰ ড’জ গ্ৰহণ কৰিব পাৰিব। বুষ্টাৰ ড’জৰ বাবে অনলাইন যোগে এপইণ্টমেণ্ট লোৱাৰ প্ৰক্ৰিয়া কালিৰে পৰা আৰম্ভ হৈছে।
দেশজুৰি আৰম্ভ হোৱা কোভিডৰ সুৰক্ষামূলক পালি প্ৰতিষেধক প্ৰদান অভিযান অসমতো আৰম্ভ হৈছে। ফ্ৰণ্টলাইন ৱৰ্কাৰ, জ্যেষ্ঠ নাগৰিকক প্ৰদান কৰা হ’ব সুৰক্ষামূলক পালি । ৬০ৰ ঊৰ্ধৰ আন উপসৰ্গ থকাসকলে চিকিত্সকৰ পৰামৰ্শমতে টিকা ল’ব পাৰিব।
দ্বিতীয় পালি লোৱাৰ ৯ মাহ হ’লেহে ল’ব পাৰিব সুৰক্ষামূলক পালি । কোভিডত আক্ৰান্ত হোৱা সকলৰ আৰোগ্যৰ ৩ মাহ অতিক্ৰম কৰিব লাগিব।সকলো চৰকাৰী টিকাকৰণ কেন্দ্ৰত বিনামূলীয়াকৈ প্ৰদান কৰা হ’ব ভেকচিন । পূৰ্বে কোভাক্সিন লোৱা সকলে কোভাক্সিনেই ল’ব লাগিব, কোভিশ্বিল্ড লোৱা সকলে কোভিশ্বিল্ডেই ল’ব লাগিব ।