আমিনগাঁও : বুধবাৰে কামৰূপ জিলাৰ উপায়ুক্তৰ কাৰ্যালয় সভাকক্ষত আয়োজিত এক অনুষ্ঠানত জিলাখনৰ ৮০ গৰাকী হিতাধিকাৰীক ‘মুখ্যমন্ত্ৰীৰ ক’ভিড-১৯ বিধৱা সাহায্য আঁচনি’ৰ চেক প্ৰদান কৰা হয়৷ প্ৰতিগৰাকী হিতাধিকাৰীলৈ আঢ়ৈ লাখ টকাকৈ আগবঢ়োৱা এই চেকসমূহ প্ৰদান কৰে জিলাখনৰ অভিভাৱক মন্ত্ৰী তথা অসম চৰকাৰৰ উদ্যোগ আৰু বাণিজ্য, পৰিবহন আদি বিভাগৰ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে৷

সভাত তেওঁৰ ভাষণ প্ৰসংগত মন্ত্ৰীগৰাকীয়ে কয় যে আপোনজনক হেৰুওৱাৰ বেদনা কোনো আৰ্থিক মূল্যৰে পূৰণ কৰিব নোৱাৰি যদিও এই আঁচনিখন হ’ল দুৰ্যোগপূৰ্ণ মুহূৰ্তত দুৰ্গত পৰিয়ালসকলৰ ওচৰত থিয় দি তেওঁলোকৰ দুখৰ সমভাগী হ’বলৈ লোৱা মুখ্যমন্ত্ৰীগৰাকীৰ এক মানৱীয় প্ৰয়াস৷ মন্ত্ৰীগৰাকীয়ে লগতে কয় যে আগন্তুক দিনত এই পৰিয়ালসকলৰ যিকোনো অসুবিধাৰ ক্ষেত্ৰত চৰকাৰখনক ওচৰত পাব৷ তেওঁ আৰু কয় যে বিজ্ঞানৰ ইমান উন্নতিৰ যুগতো বৰ্তমানেও ক’ভিডৰ কোনো ঔষধ এতিয়ালৈকে উলিয়াব নোৱৰা অৱস্থাটোৱে যেন প্ৰকৃতিৰ ৰূষ্টতাকেই অনুকিয়াইছে৷

প্ৰকৃতিয়েই ইয়াৰ পথ দেখুৱাব লাগিব বুলিও মন্ত্ৰী গৰাকীয়ে কয়৷ জীৱনৰ এই দুৰ্যোগপূৰ্ণ মুহূৰ্তত তেওঁ প্ৰতিগৰাকী মহিলাকে ধৈৰ্য্যৰে প্ৰতিকূল পৰিৱেশৰ এই প্ৰত্যাহ্বান নেওচি নিজৰ নিজৰ পৰিয়ালটিৰ পৰিচালনাৰ দায়িত্ব বহন কৰিবলৈও আহ্বান জনায়৷ সভাত উপস্থিত থাকি গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজা আৰু বিধায়ক ত্ৰয় ক্ৰমে দিগন্ত কলিতা, হেমাংগ ঠাকুৰীয়া আৰু সুমন হৰিপ্ৰিয়াইও ভাষণ প্ৰদান কৰে৷ ভাষণ প্ৰসংগত তেওঁলোকে হিতাধিকাৰীসকলৰ প্ৰতি সহমৰ্মিতা প্ৰকাশ কৰি ক’ভিডত মৃত্যুবৰণ কৰা লোকসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে ভৱিষ্যতে যিকোনো জটিল মুহূৰ্ততে তেওঁলোকৰ ওচৰত থিয় দিব বুলি আশ্বাস প্ৰদান কৰে৷

লগতে পঢ়ক : সাংবাদিক-সংবাদকর্মীক থিতাতে গাড়ীচালনাৰ শিকাৰু অনুজ্ঞাপত্ৰ

ইয়াৰ আগেয়ে আদৰণি ভাষণ প্ৰদান কৰি জিলা উপায়ুক্ত কৈলাশ কাৰ্তিক এনে জিলাখনৰ প্ৰতিগৰাকী যোগ্য হিতাধিকাৰীকে এই আঁচনিৰ অধীনত সাহায্য প্ৰদান কৰা হ’ব বুলি উল্লেখ কৰে৷ উল্লেখযোগ্য যে এই আঁচনিখনৰ অধীনত ইতিপূৰ্বে জিলাখনৰ ২৪ গৰকাী হিতাধিকৰী উপকৃত হৈছে৷ সভাত হিতাধিকাৰীসকল আৰু জিলা প্ৰশাসনৰ বিষয়াবৰ্গৰ উপৰি স্বাস্থ্য, সমাজ কল্যাণ আদি বিভিন্ন বিভাগৰ বিষয়াবৰ্গ উপস্থিত থাকে৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply