হাইলাকান্দি : মুখ্যমন্ত্ৰীৰ ক’ভিড-১৯ বিধৱা সাহায্য আঁচনিৰ অধীনত হাইলাকান্দিত ১১ গৰাকী আৰু কৰিমগঞ্জত ২৬ গৰাকী হিতাধিকাৰীক চেক প্ৰদান। শুকুৰবাৰে এই চেক প্ৰদান কৰে হাইলাকান্দি আৰু কৰিমগঞ্জ জিলাৰ অভিভাৱক মন্ত্ৰী পৰিমল শুক্লবৈদ্যই। মন্ত্ৰী অতুল বৰাৰ চলিত আঁচনিসমূহৰ পৰ্যালোচনা সভাতো অংশগ্ৰহণ কৰে পৰিৱেশ আৰু বন, মীন আৰু আবকাৰী মন্ত্ৰী পৰিমল শুক্লবৈদ্যই।

পৰিৱেশ আৰু বন, মীন আৰু আবকাৰী মন্ত্ৰী পৰিমল শুক্লবৈদ্যই কয় যে মুখ্যমন্ত্ৰীৰ ক’ভিড-১৯ বিধৱা সাহায্য আঁচনিক এই অতিমাৰীত নিজৰ স্বামীক হেৰুওৱা মহিলাসকলৰ সামাজিক আৰু আৰ্থিক সুৰক্ষা নিশ্চিত কৰাৰ দিশত ৰাজ্য চৰকাৰৰ এক অনবদ্য পদক্ষেপ। মন্ত্ৰী অতুল বৰা, অল্গাপুৰ, কাটলিচেৰা আৰু হাইলাকান্দিৰ বিধায়কসকল, উপায়ুক্ত ৰোহন কুমাৰ ঝা, আৰক্ষী অধীক্ষক, জি উপাধ্যায় আৰু অন্যান্য বিশিষ্ট ব্যক্তিসকলৰ উপস্থিতিত হাইলাকান্দিৰ জিলা উপায়ুক্তৰ সভাকক্ষত ১১ গৰাকী হিতাধিকাৰীক চেক্ প্ৰদান কৰি মন্ত্ৰী পৰিমল শুক্লবৈদ্যই এই মন্তব্য কৰে।

এই আঁচনিৰ অধীনত যিসমূহ পৰিয়ালৰ আয় ৫ লাখতকৈ কম, তেওঁলোকক ২.৫ লাখ টকাৰ এককালীন সাহায্য আগবঢ়োৱা হৈছে। হাইলাকান্দি, কৰিমগঞ্জ আৰু হোজাইৰ অভিভাৱক মন্ত্ৰী পৰিমল শুক্লবৈদ্যই লগতে ব্যক্ত কৰে যে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ এই প্ৰশংসনীয় পদক্ষেপে যিসমূহ বিধৱাই কৰোণা অতিমাৰীত নিজৰ স্বামী তথা পৰিয়ালৰ মুৰব্বীক হেৰুৱাই এক কঠিন ভৱিষ্যতৰ মুখামুখি হৈছে, তেওঁলোকক সন্মান সহকাৰে জীৱন যুদ্ধ আগুৱাই নিবলৈ সাহস যোগাব। যদিও ক’ভিড-১৯ অতিমাৰী প্ৰকোপ অসমেও সহিব লগা হৈছে, চৰকাৰে কিন্তু সকলো আক্ৰান্তক বিভিন্ন ধৰণে সহায় আগবঢ়াবলৈ যৎপৰোনাস্তি চেষ্টা চলাইছে বুলিও তেওঁ উল্লেখ কৰে।

ক’ভিড-১৯ ৰ বাবে নিজৰ পিতৃ-মাতৃ দুয়োজনক হেৰুওৱা শিশুসকলৰ শৈক্ষিক ভৱিষ্যত সুৰক্ষিত কৰাৰ বাবে চৰকাৰে ইতিমধ্যে শিশু সেৱা আঁচনি মুকলি কৰিছে। মন্ত্ৰী পৰিমল শুক্লবৈদ্যই মন্ত্ৰী অতুল বৰা, বিধায়কসকল, উপায়ুক্ত, আৰক্ষী অধীক্ষক আৰু অন্য উচ্চ পদস্থ বিষয়াসকলৰ উপস্থিতিত কৰিমগঞ্জৰ উপায়ুক্তৰ সভাকক্ষত অনুষ্ঠিত অন্য এক অনুষ্ঠানত মুঠ ২৬ গৰাকী হিতাধিকাৰীক মুখ্যমন্ত্ৰীৰ ক’ভিড-১৯ বিধৱা আঁচনিৰ অধীনত চেক্ প্ৰদান কৰে। মন্ত্ৰী অতুল বৰাৰ অধ্যক্ষতাত অভিভাৱক মন্ত্ৰীগৰাকীয়ে কৰিমগঞ্জ আৰু হাইলাকান্দি জিলাৰ প্ৰশাসন বিষয়া আৰু কৃষি, উদ্যান শস্য, পশুপালন আৰু পশুচিকিৎসা, সীমা আৰু সহযোগিতা বিভাগৰ সংশ্লিষ্ট বিষয়ববীয়াসকলৰ সৈতে এক পৰ্যালোচনা সভাত অংশ লয়।

ইয়াত ৰূপায়নৰ বিভিন্ন পৰ্যায়ত থকা বহুতো চৰকাৰী আৰু কেন্দ্ৰীয় আঁচনিৰ বিষয়ে পৰ্যালোচনা কৰা হয় আৰু পৰিকল্পিত ধৰণে হিতাধিকাৰীক উন্নয়নৰ সুফল প্ৰদান কৰিবলৈ সময়োচিতভাৱে আঁচনিসমূহ বাস্তৱায়িত কৰাত দুয়োজন মন্ত্ৰীয়ে গুৰুত্ব আৰোপ কৰে। মন্ত্ৰী পৰিমল শুক্লবৈদ্যই প্ৰধানমন্ত্ৰী আৱাস যোজনা (নগৰ), গৃহ প্ৰৱেশ সমাৰোহ, ২০২১ ৰ অধীনত কৰিমগঞ্জ পৌৰসভাৰ অন্তৰ্গত ১২ নং ৱাৰ্ডত বিধায়কসকল আৰু বিশিষ্ট ব্যক্তিৰ উপস্থিতিত বাসগৃহৰ আধাৰশিলা স্থাপন কৰে।


লগতে পঢ়ক : টকিঅ’ অলিম্পিকত হকীত বন্দনা কাতাৰিয়াৰ অভিলেখ

ইয়াৰ পূৰ্বে মন্ত্ৰী গৰাকীয়ে বৰজালেঙা ব্লকৰ সভাপতি সুবোধ দাস, সদস্য ধৰ্মেন্দ্ৰ তিৱাৰী, বুল্টি দেৱ, দ্বাৰবন্দ ব্লকৰ জিলা পৰিষদৰ সদস্য লক্ষ্মীৰাণী যাদৱ, গাঁও পঞ্চায়তৰ সভাপতি মিনাক্ষী মলৰ লগতে অন্যান্য ব্যক্তিৰ উপস্থিতিত জল জীৱন অভিযান ২০২০-২০২১ ৰ দ্বাৰা ৮৮.৩৫ লাখ টকা ব্যয়েৰে পাইপৰ দ্বাৰা পানী যোগান আঁচনিৰ পুন:নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,013 other subscribers

Leave a comment

Leave a Reply