কোৰোনাৰ মহাসংক্ৰমণে ভয়াবহ ৰূপ লোৱা সময়ত নতুন ৰাজ্য চৰকাৰে হাতত লৈছে নতুন নতুন পদক্ষেপ।কালি কেবিনেটত হোৱা সিদ্ধান্ত মৰ্মে কোৰোনাৰ শেহতীয়া পৰিস্থিতি পৰ্যবেক্ষণ কৰিবলৈ ৰাজ্যৰ প্ৰতিখন জিলালৈ যাব এগৰাকীকৈ মন্ত্ৰী।
অহা বৃহস্পতিবাৰৰ ভিতৰত নিৰ্ধাৰিত জিলালৈ গৈ মন্ত্ৰীসকলে পৰিস্থিতি পৰ্যবেক্ষণ কৰি দুই তিনিদিনৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিব লাগিব মুখ্যমন্ত্ৰীৰ হাতত।
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই নিজে মাজুলী জিলাৰ পৰিস্থিতিৰ বুজ ল’ব । বাকী মন্ত্ৰীসকলে বুজ ল’ব লগা জিলাসমূহ হ’ল এনে ধৰণৰ ।
ৰণজিত দাস- বৰপেটা, বজালী, বঙাইগাওঁ।
অতুলবৰা- যোৰহাট, গোলাঘাট।
ইউ জি ব্ৰহ্ম- কোকৰাঝাৰ, চিৰাং, বাক্সা।
চন্দ্ৰমোহন পাটোৱাৰী- নলবাৰী, কামৰূপ, ওদালগুৰি।
পৰিমল শুক্লবৈদ্য- কাছাৰ, হাইলাকান্দি, কৰিমগঞ্জ
কেশৱ মহন্ত- নগাওঁ, হোজাই
ৰণোজ পেগু- ধেমাজী, লখিমপুৰ।
অশোক সিংঘাল- শোণিতপুৰ, দৰং, বিশ্বনাথ
সঞ্জয় কিষাণ- তিনিচুকীয়া, ডিব্ৰুগড়
যোগেন মোহন- পশ্চিম কাৰ্বি আংলং, কাৰ্বি আংলং, ডিমা হাচাও
অজন্তা নেওগ- ধুবুৰী, লখিমপুৰ
পীয়ুষ হাজৰিকা- মৰিগাওঁ, গোৱালপাৰা
বিমল বৰা- শিৱসাগৰ, চৰাইদেউ
মন্ত্ৰীসকলে জিলালমূহৰ ক’ভিড ৰোগীৰ সংখ্যা আৰু ক’ভিড পজিটিভৰ শতাংশ, বৰ্তমানৰ আৰু ক’ভিড ৰোগীৰ সংখ্যা বৃদ্ধি হ’লে হাস্পাতালৰ বিচনা, কৰ্মী, আইচিইউ সুবিধা, ঔষধ, অক্সিজেনৰ পৰ্যাপ্ততা, এম্বুলেঞ্চ আদিৰ মূল্যায়ন কৰি মুখ্যমন্ত্ৰী আৰু স্বাস্থ্যমন্ত্ৰী অবগত কৰিব ।
আৰু পঢ়ক http://গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ পৰা জঁপিয়াই আত্মহত্যা ক’ভিড ৰোগীৰ