বুধবাৰৰ দিনটোত কালিৰ তুলনাত বৃদ্ধি পালে ক’ভিড আক্ৰান্তৰ সংখ্যা |
মঙলবাৰে ৫,৮৩৫ গৰাকী আক্ৰান্ত হোৱাৰ বিপৰীতে বুধবাৰে আক্ৰান্তৰ সংখ্যা ৬১৪৩ লৈ বৃদ্ধি পালে |
ইয়াৰ বিপৰীতে কালিৰ আক্ৰান্তৰ হাৰ আছিল ৬.৪৭ শতাংশ, আজিৰ দিনটোত ৬.০২ শতাংশলৈ কমিল | মঙলবাৰে কৰোনাত আক্ৰান্ত হৈ ৭৩ গৰাকীৰ মৃত্যু হোৱাৰ বিপৰীতে আজিৰ দিনটোত মৃত্যু হ’ল ৮৯ গৰাকী |
ইয়াৰ মাজতে কামৰূপ মেট্ৰ’ত আজিৰ দিনটোত আক্ৰান্ত হয় ৯১৩ গৰাকী | স্বাস্থ্য বিভাগে আজিৰ দিনটোত পৰীক্ষা কৰা লোকৰ সংখ্যা লাখৰ সীমা অতিক্ৰম কৰে | আজি মুঠ ১ লাখ ২ হাজাৰ ৪০ জন লোকক পৰীক্ষা কৰোৱা হয় |