শণিবাৰৰ দিনটোত শুকুৰবাৰৰ তুলনাত হ্ৰাস পালে ক’ভিড আক্ৰান্তৰ সংখ্যা |
শুকুৰবাৰে ৬০৬৬ গৰাকী আক্ৰান্ত হোৱাৰ বিপৰীতে শণিবাৰে আক্ৰান্তৰ সংখ্যা ৫৯৮০ লৈ হ্ৰাস পালে |
ইয়াৰ বিপৰীতে কালিৰ আক্ৰান্তৰ হাৰ আছিল ৫.৮৮ শতাংশ, আজিৰ দিনটোত ৫.৫৭ শতাংশলৈ কমিল | শণিবাৰে কৰোনাত আক্ৰান্ত হৈ ৭৯ গৰাকীৰ মৃত্যু হৈছে ৰাজ্যত |
ইয়াৰ মাজতে কামৰূপ মেট্ৰ’ত আজিৰ দিনটোত আক্ৰান্ত হয় ৯০২ গৰাকী | স্বাস্থ্য বিভাগে আজিৰ দিনটোতে পৰীক্ষা কৰা লোকৰ সংখ্যা লাখৰ সীমা অতিক্ৰম কৰে |
আজি মুঠ ১ লাখ ৭ হাজাৰ ৩৯৮ জন লোকক পৰীক্ষা কৰোৱা হয় | আৰোগ্য হোৱা লোকৰ সংখ্যা হ’ল ৮৪.১২ শতাংশ |
লগতে পঢ়ক অৰুণাচলৰ নামপঙত সেনা আৰু এনএছচিএন আৰু আলফাৰ সংঘৰ্ষ,এজন সেনা নিহত