দেওবাৰৰ দিনটোত শণিবাৰৰ তুলনাত হ্ৰাস পালে ক’ভিড আক্ৰান্তৰ সংখ্যা |
শণিবাৰে ৫৯৮০ গৰাকী আক্ৰান্ত হোৱাৰ বিপৰীতে দেওবাৰে আক্ৰান্তৰ সংখ্যা ৩৫৬৩ লৈ হ্ৰাস পালে |
ইয়াৰ বিপৰীতে কালিৰ আক্ৰান্তৰ হাৰ আছিল ৫.৫৭ শতাংশ, আজিৰ দিনটোত ৫.৬৮ শতাংশলৈ বাঢ়িল | দেওবাৰে কৰোনাত আক্ৰান্ত হৈ ৭২ গৰাকীৰ মৃত্যু হৈছে ৰাজ্যত | ইয়াৰ মাজতে কামৰূপ মেট্ৰ’ত আজিৰ দিনটোত আক্ৰান্ত হয় ৬২৪ গৰাকী, ডিব্ৰুগড়ত ৪০৮, তিনিচুকীয়াত ৩১০ আৰু কাচাৰত ২৪৯ গৰাকী আক্ৰান্ত হয় |
আৰোগ্য হোৱা লোকৰ সংখ্যা হ’ল ৮৪.৮৭ শতাংশ | আজিৰ দিনটোত ৬২,৭২২ জন লোকক পৰীক্ষা কৰোৱা হৈছিল | আজিৰ দিনটোত কামৰূপ মহানগৰীতেই সৰ্বাধিক ১১ জন লোকৰ মৃত্যু হয় | ডিব্ৰুগড়ত ৮ জন আকু গোলাঘাট, যোৰহাট আৰু কামৰূপ গ্ৰাম্যত ৬ জনকৈ লোকৰ মৃত্যু হয় |
লগতে পঢ়ক আপোনাৰ গাড়ীখন যদিহে বহুদিন মহানগৰৰ পথৰ কাষত ৰাখি থৈছে যদি সোনকালে আঁতৰ কৰক