কোৰোনা পৰীক্ষা

ৰাজ্যত ক্ৰমান্বয়ে নিম্নগামী হৈছে ক’ভিড আক্ৰান্তৰ সংখ্যা যোৱা ২৪ ঘণ্টাত মৃত্যু হৈছে ৭৪জনৰ । আজিৰ দিনটোত আক্ৰান্তৰ সংখ্যা ৬৫৭৩ জন । আক্ৰান্তৰ হাৰ ৬.৪০ শতাংশ । কামৰূপ মেট্ৰ’ত আজিৰ দিনটোত আক্ৰান্তৰ সংখ্যা ১০৮৪ জন | দ্বিতীয় দিনাও ৰাজ্যত একলাখৰ ওপৰ পৰীক্ষা কৰোৱা হয় । আজিৰ দিনটোত সুস্থ হোৱাৰ হাৰ ৮৪.২৫ শতাংশ ।

ডিব্ৰুগড়ৰ কানৈ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ড০ শিৱকান্ত দত্তৰ কৰোণাত মৃত্যু । কৰোণাত আক্ৰান্ত হৈ তেওঁ কিছুদিন ধৰি ডিব্ৰুগড়ৰ আদিত্য চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল প্ৰাক্তন অধ্যক্ষগৰাকী ।

আনহাতে এচিএছ বিষয়া ধীমান কুমাৰ চৌধুৰীৰ মৃত্য হয় কোৰোনাত আক্ৰান্ত হৈ।
বৃহস্পতিবাৰে জিএমচিএইত শেষ নিশ্বাস ত্যাগ কৰে ।
কোৰোনাত আক্ৰান্ত হৈ যোৱা ১০ দিন ধৰি আইচিইউত চিকিৎসাধীন হৈ আছে এচিএছ বিষয়াগৰাকী।

লগতে পঢ়ক ব্লেক ফাংগাছক মহামাৰী হিচাপে ঘোষণা কৰক: কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 4,905 other subscribers

Leave a comment

Leave a Reply