প্ৰতিনিধিত্বমূলক ফটো

নিউজ ডেস্কঃ কভিড ১৯ৰ দ্বিতীয় ঢৌত অসমত তীব্ৰ গতিত সংক্ৰমিত হৈছে কভিড১৯।

২৪ঘন্টাত দেশত আক্ৰান্ত হৈছে ২.৭৩ লাখ লোক। এদিনতে মৃত্যু হৈছে ১,৬১৯জন।

মঙলবাৰে পুৱাই গুৱাহাটী ৰেল ষ্টেচনত ৪জনৰ দেহত ধৰা পৰিছে কৰোনাৰ সংক্ৰমণ।

ৰেপিড টেষ্টত ধৰা পৰিছে এই ভাইৰাছৰ উপস্থিতি।

আটাইকেইজনকে হস্পিতাললৈ প্ৰেৰণ কৰা হৈছে।

মৰিয়নি ৰে’লৱে ষ্টেচনত কুম্ভমেলাৰ পৰা অহা ১৬ গৰাকীকৈ লোকৰ দেহত ধৰা পৰে কভিড পজিটিভ।

উজনিমুৱা ৰাজধানীত আহিছিল লোক কেইগৰাকী।

ইতিমধ্যে ৰাজ্য়ত ক্ৰমান্বয়ে কঠোৰ হৈ পৰিছে প্ৰশাসন।

হোজাইত মাস্ক পৰিধান নকৰা লোক সকলৰ বিৰুদ্ধে আৰক্ষীয়ে কঠোৰ স্থিতি গ্ৰহণ কৰি ৰাজহুৱা স্থানত মাস্ক পৰিধান নকৰা লোক সকলৰ পৰা হোজাই আৰক্ষী প্ৰশাসনে যোৱা দুদিনত প্ৰায় ৮০ হাজাৰৰো অধিক টকা জৰিমনা সংগ্ৰহ কৰে।

হােজাই জিলাত সোমবাৰে কোভিড-১৯ সংক্রমিত ব্যক্তি এশৰ অধিক হােৱাত হােজাই জিলাৰ জিলা দণ্ডাধীশ তথা জিলা দুর্যোগ ব্যৱস্থাপনা কর্তৃপক্ষ ডাঃ সদনেক সিংয়ে এক আদেশ যােগে হােজাই জিলাৰ সমূহ চৰকাৰী, বেচৰকাৰী প্রাক প্রাথমিক আৰু প্রাথমিক বিদ্যালয়ৰ পঞ্চম শ্ৰেণীলৈকে ইংৰাজী ২০ এপ্রিল ২০২১ তাৰিখৰ পৰা প্রযোজ্য হােৱাকৈ পৰৱৰ্তী নির্দেশ নিদিয়া পর্যন্ত পাঠদান বন্ধ কৰিছে।

গোৱালপাৰাত১৯জনকৈ লোক কভিড-১৯ত আক্ৰান্ত হৈছে।
স্বাস্থ্য বিভাগে জনোৱা মতে ১৫৬৫ গৰাকী লোকক ৰেপিড এণ্টিজেন টেষ্ট আৰু ২৯৪ গৰাকী লোকক আৰ্টিফিচিয়েল টেষ্ট কৰাৰ পিছত ১৯জনকৈ লোকৰ দেহত কভিড-১৯পজিটিভ ধৰা পৰে।
ইয়াৰে ৪গৰাকী লোক আগিয়াৰ,মাটিয়াৰ এগৰাকী, ৰংজুলিৰ ৪গৰাকী আৰু দুগৰাকী ১০গৰাকী গোৱালপাৰা চহৰৰ।

সোমবাৰৰ লৈকে কামৰূপ (মেট্ৰ)ত ৪৮২জন, ডিব্ৰুগড়়ত ১০৯জন, কামৰূপ(গ্ৰাম্য়) ১০৬জন, শোণিতপুৰ জিলাৰ ৬৭জন লোক কভিডত আক্ৰান্ত হৈছে।

সোমবাৰৰ দিনটোতে মৃত্যু হৈছে ৭জন লোকৰ। ইয়াৰে ভিতৰত কামৰূপ (মেট্ৰ)ৰ ৪জন, বাক্সাৰ ১জন, কাছাৰ জিলাৰ ১জন, কামৰূপ(গ্ৰাম্য়)ৰ ১জন।


Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 5,278 other subscribers

Leave a comment

Leave a Reply