আৰক্ষীৰ কোৰোনা সজাগতা অভিযান

সোণাৰি: ৰাজ্যত দিনক দিনে বৃদ্ধি পোৱা ক’ভিড ১৯ ৰ সংক্ৰমণ ৰোধ কৰিবলৈ চৰাইদেউ জিলা আৰক্ষী প্ৰশাসনে গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ।

চৰাইদেউ জিলাৰ উপ আৰক্ষী অধীক্ষক অনিতা কোঁৱৰে সোণাৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দীপান্ত ফুকন আৰু যান-বাহন শাখাৰ বিষয়া সুনীল বৰাৰ নেতৃত্বত বৃহস্পতিবাৰে সোণাৰি নগৰত গ্ৰহণ কৰে সজাগতামূলক পদক্ষেপ।

অভিযানৰ সময়ছোৱাত আৰক্ষীৰ লোক সকলে সোণাৰি নগৰৰ বিভিন্ন ব্যৱসায়িক স্থলীলৈ গৈ ৰাইজক সজাগ আৰু সাৱধান হৈ থাকিবলৈ আহ্বান জনায়।

লগতে কোৰোণা সংক্ৰমণৰ পৰা ৰক্ষা পাবলৈ মাক্স পৰিধান কৰাৰ লগতে চেনিটাইজাৰ ব্যৱহাৰ কৰিবলৈ ব্যৱসায়ীৰ লগতে গ্ৰাহক সকলৰ প্ৰতিও আহ্বান জনায়।

আনহাতে মাক্স পৰিধান নকৰা পথাচাৰী সকলক জৰিমণা বিহাৰ লগতে মাক্স বিতৰণ কৰে বিভিন্ন জনক। চৰাইদেউ জিলা আৰক্ষীৰ এই সজাগতামূলক কাৰ্যসূচীক এতিয়া সকলোৱে প্ৰশংসা কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,013 other subscribers

Leave a comment

Leave a Reply