উলুবাৰী শ্মশান
প্ৰতিনিধিত্বমুলক ছবি

ক’ভিড আক্ৰান্তৰ সংখ্যা দিনক দিনে বৃদ্ধি লগতে মৃত্যু হোৱা লোকৰ সংখ্যাও বৃদ্ধি পাবলৈ ধৰাত কামৰূপ নগৰ জিলা প্ৰশাসনে শ্মশানৰ সংখ্যা বৃদ্ধি কৰিছে।

ক’ভিড আক্ৰানত হৈ মৃত্যু হোৱা লোকৰ মৃতদেহ সৎকাৰৰ বাবে গুৱাহাটী মেট্ৰ’ত আৰু সাতখন শ্মশানৰ কৰিছে জিলা প্ৰশাসনে।


নতুনকৈ বাচনি কৰা সাতখন শ্মশানৰ হৈছে ক্ৰমে উলুবাৰী বৈদ্যুতিন শ্মশান, বশিষ্ঠ শ্মশান, বতাহঘুলি শ্মশান, পাঞ্জাবাৰী শ্মশান, জালুকবাৰী শ্মশান, গাড়ীগাঁও কৰস্থান, জালুকবাৰী কবৰস্থান আৰু কাটাভৰি কবৰস্থান।


উল্লেখ্য যে ইয়াৰ পূৰ্বে গুৱাহাটীত ক’ভিডত আক্ৰান্ত হৈ মৃত্যু হোৱাৰ লোকৰ মৃতদেহসমূহ উলুবাৰী শ্মশান, ভূতনাথ শ্মশান আৰু আঠগাঁও কবৰস্থান আৰু ইছলামপুৰ কবৰস্থানত শেষ কৃত্য সম্পন্ন কৰা হৈছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,988 other subscribers

Leave a comment

Leave a Reply