ৰাজ্যত কোৰোনা মহামাৰীয়ে প্ৰাণ কাঢ়িলে এগৰাকী ৰোগীৰ । কেইবাদিনো ধৰি আক্ৰান্ত হৈ থকা শোণিতপুৰ জিলাৰ তেজপুৰৰ মৰাভৰলী পাৰ নিবাসী দিলীপ দাসৰ শনিবাৰে মৃত্যু হয় । কেইবাদিনো ধৰি আক্ৰান্ত দিলীপ দাসে তেজপুৰ মেডিকেল কলেজৰ আইচিইউত চিকিৎসাধীন হৈ আছিল । অৱশেষত শনিবাৰে চিকিৎসাধীন অৱস্থাতে মৃত্যু হয় দাসৰ । মৃত্যুৰ সময়ত দাসৰ বয়স আছিল ৬০ বছৰ ।
আনহাতে বোকাখাতৰ শ্বহীদ কমলামিৰি অসামৰিক চিকিৎসালয়ৰ ক’ভিড কেয়াৰ চেন্টাৰৰ পৰা এজন কোভিড ৰোগীৰ পলায়ন কৰাৰ খবৰ পোৱা গৈছে ।
গুৱাহাটীৰ হেমন্ত চ’ৰেন নামৰ ২৪ বছৰীয়া ৰোগী জন নুমলীগড়ৰ কভিড পৰীক্ষা কেন্দ্ৰৰ পৰা শুকুৰবাৰে বোকাখাতৰ চিকিৎসালয়ত ভৰ্তি হৈছিল।
শনিবাৰে কাহিলি পুৱা চিকিৎসালয় খনৰ ক’ভিড কেয়াৰ চেন্টাৰৰ পৰা পলায়ন কৰে ৰোগীজনে।
ইতিমধ্যেই চিকিৎসালয় কৰ্তৃপক্ষই বোকাখাতৰ আৰক্ষীক অৱগত কৰাৰ কথা ব্যক্ত কৰিছে চিকিৎসালয় খনৰ চিকিৎসা অধীক্ষক ডা:অপূৰ্ব শৰ্মাই।
২৪ ঘণ্টাৰ ভিতৰতে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত তিনিগৰাকী কোৰোণা ৰোগীৰ মৃত্যু। শুকুৰবাৰে নিশা মৃত্যু হয় ৫২ বছৰীয়া তিনিচুকীয়া চহৰৰ বৰদলৈ নগৰৰ ডলী গগৈ নামৰ এগৰাকী মহিলাৰ। কোৰোণাত আক্ৰান্ত মহিলাগৰাকী দুদিন পূৰ্বে চিকিৎসাধীন হৈছিল ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ত। আনহাতে শুকুৰবাৰে দিনৰ ভাগত মৃত্যু হয় ৪৮ বছৰীয়া সীমান্ত বুঢ়াগোহাঁই আৰু ৪৫ বছৰীয়া দীপক চাহু নামৰ দুজন লোকৰ। অৱশ্যে মৃত লোক দুজন মধুমেহ আৰু অন্য ৰোগতো আক্ৰান্ত আছিল বুলি জনাইছে অধ্যক্ষ ডাঃ সঞ্জীৱ কাকতীয়ে।