নিউজ ডেস্ক: কোৰোনা সংক্ৰমণে ভয়াবহ ৰূপ লৈছে উজনি অসমৰ আঠখন জিলাৰ ২৫খন চাহ বাগিচাত ভয়াৱহ ৰূপ ধাৰণ কৰিছে৷ প্ৰাপ্ত তথ্য মতে বর্তমানলৈ এই চাহ বাগিচাকেইখনৰ ৫০০ তকৈও অধিক শ্রমিক কোৰোনাত আক্রান্ত হৈছে৷ ডিব্রুগড জিলাৰ টেঙাখাত ৰাজহ চক্রৰ অন্তর্গত জালনী চাহ বাগিচা আৰু দুলীয়াজান চিচিয়া বকুলনিৰ সমীপৰ মায়াজান চাহ বাগিচাত সংক্রমণ দ্রুতগতিত বৃদ্ধি পাবলৈ ধৰাটো যথেষ্ট উদ্বেগৰ বিষয় হৈ পৰিছে৷

জালনী চাহ বাগিচাত এতিয়ালৈ প্রায় দুশ লোক কোৰোনাত আক্রান্ত হোৱাৰ বিপৰীতে মায়াজান চাহ বাগিচাত শতাধিক লোকৰ দেহলৈ মাৰাত্মাক ভাইৰাছ সংক্রমিত হৈছে৷ প্রতিদিনাই আক্রান্তৰ পৰিসংখ্যা বৃদ্ধি পাই থকাত জিলা প্রশাসনে দুয়োখন বাগিচাক কনটেইনমেণ্ট জ’ন ঘোষণা কৰিছে৷

প্রশাসন আৰু স্বাস্থ্য বিভাগৰ তৰফৰ পৰা বাগিচা দুখনত ছেনিটাইজ কৰাৰ লগতে তৎকালে ভেকচিন দিয়াৰ ব্যৱস্থা কৰিছে৷ আনহাতে, জিলাখনৰ বাগিচাসমূহত প্রশাসনে ক’ভিড–১৯ প্রট’কল ওপৰত চোকা নজৰ ৰাখিছে যদিও বাগিছা কৰ্তৃপক্ষৰ বিষয়টোক লৈ যেনেদৰে গুৰুত্ব দিব লাগিছিল তেনেদৰে নিদিয়াৰ অভিযোগ আটছাৰ ।

বাগিচাৰ মালিকসকলে উৎপাদন ব্যাহত হ’ব বুলিয়েই ক’ভিডৰ গণ সংক্রমণৰ তথ্য গাপ দি ৰখাৰ চেষ্টা কৰিছে আৰু নিয়ন্ত্রণৰ বাহিৰ হ’লেহে জিলা প্রশাসনক অৱগত কৰে বুলি অভিযোগ কৰিছে আটছাই ।প্রতিদিনে বহিঃৰাজ্যত কর্মৰত চাহ জনগোষ্ঠীৰ যুৱকসকল বাগিচালৈ ঘূৰি আহিছে যদিও প্রশাসনে বা বাগিচা কর্তৃপক্ষই কোনো বিহিত ব্যৱস্থা গ্রহণ কৰা নাই৷

ফলত ডিব্রুগড জিলাৰ জালনী চাহ বাগিচাত দুই শতাধিক, মাইজান চাহ বাগিচাত ৬০জন, দিৰিয়াল চাহ বাগিচাত ৭জন, খাৰজান চাহ বাগিচাত ১২জন, গোলাঘাট জিলাৰ বৰচাপৰি চাহ বাগিচাত ৫০জনতকৈ অধিক, লখৌজান চাহ বাগিচাত ৪জন, বিশ্বনাথ জিলাৰ নীলপুৰ চাহ বাগিচাত ৪০জন, প্রতাপগড চাহ বাগিচাত ৪জন, ব্রহ্মজান চাহ বাগিচাত ২জন, বুৰৈ চাহ বাগিচাত এজন, ধূলি চাহ বাগিচাত ৪জন, পুৰুকবাৰী চাহ বাগিচাত এজন, নয়াঘগৰা চাহ বাগিচাত এজন, শিৱসাগৰ জিলাৰ টিফুক চাহ বাগিচাত এজন, শোণিতপুৰ জিলাৰ ডিব্রুদৰং চাহ বাগিচাত এজন, ৰূপাজুলি চাহ বাগিচাত ৪জন, শিংৰিজান চাহ বাগিচাত এজন, হাতীবাৰী চাহ বাগিচাত এজন, তিনিচুকীয়া জিলাৰ বাদলভেটা চাহ বাগিচাত এজন, নগাঁও জিলাৰ চালনা চাহ বাগিচাত ৩জন, কেলেডিন চাহ বাগিচা, আমচৈ চাহ বাগিচা, পুৰণা চাহ বাগিচাত এজনকৈ আৰু শগুনবাৰী চাহ বাগিচাত ২জন সংক্রমিত হৈছে৷
এনে ভয়ানক পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি চৰকাৰে শীঘ্রে চাহ বাগিচাৰ বাবে পৃথককৈ এছ অ’ পি গঠন কৰিবলৈ আটছাই দাবী জনায়৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply