নিউজ ডেস্কঃ কৰোণাৰ দ্বিতীয় ঢৌৱে পুনৰ ভয়াবহ দিনলৈ গতি কৰিছে ।
বুধবাৰে এদিনতে অসমত আক্ৰান্ত হ’ল ১৯৫ গৰাকী লোক।
কেৱল কামৰূপ মহানগৰ জিলাতে সৰ্বাধিক ১০৪ গৰাকী লোক আক্ৰান্ত হৈছে।
ডিব্ৰুগড়ত আক্ৰান্ত হৈছে ১৯ গৰাকী, কামৰূপ গ্ৰাম্য জিলাত ১৬ গৰাকী আৰু তিনিচুকীয়াত ১২ গৰাকী আক্ৰান্ত হৈছে।
বুধবাৰে অসমত মুঠ সক্ৰিয় কৰোণা আক্ৰান্তৰ সংখ্যা হৈছে ৮৪৭ গৰাকী।
১ এপ্ৰিলৰ পৰা এসপ্তাহত অসমত আক্ৰান্ত হৈছে ৬১৫ গৰাকী লোক।