গুৱাহাটী- দেশত বৃদ্ধি পাইছে কৰোণা ভাইৰাছৰ সংক্ৰমণ।

কৰোণা ভাইৰাছৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি অসম চৰকাৰে জাৰি কৰিছে বিশেষ নিৰ্দেশনা।

এতিয়াৰ পৰা বাধ্যতামূলক কৰা হৈছে মাস্ক পৰিধান।

 গুৱাহাটী মহানগৰ প্ৰশাসনেও কেতবোৰ নীতি নিয়ম নিৰ্ধাৰণ কৰিছে।

এই নিৰ্দেশনা সমূহ হৈছে-

বাট পথ, হাস্পতাল, অফিচ, বজাৰ আদিত তিনি তৰপ থকা মাস্ক অথবা গামোচা বা অন্য কোনো বোৱা কাপোৰৰ দুটা তৰপেৰে নাক মুখ ঢাকি ৰখাতো বাধ্যতামূলক।

কোনো সভা অথবা ৰাজহুৱা স্থানত মাস্ক পৰিধান কৰা বাধ্যতামূলক।

আৰু পঢ়কঃযোৰহাটৰ সাংসদ তপন গগৈ কৰোণাত আক্ৰান্ত

কৰ্মক্ষেত্ৰটো মুখত মাস্ক পৰিধান কৰা বাধ্যতামূলক।

চৰকাৰৰ এই নিৰ্দেশ অমান্য কৰিলে প্ৰথমে ৫০০ টকা জৰিমনাৰ সন্মুখীন হব লাগিব।

যদি দ্বিতীয়বাৰ  আৰু তৃতীয়বাৰ পৰ্যন্ত নিৰ্দেশ অমান্য কৰে, তেন্তে ভৰিব লাগিব ১০০০ টকা পৰ্যন্ত জৰিমনা।

আৰু পঢ়কঃদক্ষিণ শালমৰা আৰু মানকাচৰৰ নিৰ্বাচনী যুঁজত ২০ গৰাকী প্ৰাৰ্থী

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply