নিউজ ডেস্কঃ কভিডৰ ভয়াবহতা ৰাজ্যত দিনক দিনে বৃদ্ধি পাইছে।
অহা বুধবাৰৰ পৰা নতুন কভিড নীতি নিৰ্দেশনাসমূহ বলৱৎ কৰা হ’ব আৰু কিছু সময়ৰ পিছতে ৰাজ্য চৰকাৰে এই সম্পৰ্কীয় নিৰ্দেশনা জাৰি কৰিব।
ক’ভিড-১৯ত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিততে ৰাজ্য চৰকাৰে অসমত জাৰি কৰিব নতুন এছ অ’ পি।
কভিডৰ নতুন এছ অ’ পি অনুসৰি বুধবাৰৰ পৰা দিনৰ ২বজাতে ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ কৰিব লাগিব।
আনহাতে পূৰ্বৰে পৰা বাহাল থকা সান্ধ্য আইন নিশা ৮ বজাৰ পৰিৱৰ্তে সন্ধিয়া ৬ বজাৰ পৰা হ’ব।
কভিডৰ নতুন এছ অ’ পি অনুসৰি বুধবাৰৰ পৰা দিনৰ ২বজাতে ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধৰ নিৰ্দেশ দিয়া হ’ব।
আনহাতে পূৰ্বৰে পৰা বাহাল থকা সান্ধ্য আইন নিশা ৮ বজাৰ পৰিৱৰ্তে সন্ধিয়া ৬ বজাৰ পৰা হ’ব।
সন্ধিয়া ৬ বজাৰ পৰা বাহিৰলৈ ওলাব নোৱাৰিব কোনো লোক।
পিছে অত্যাৱশ্যকীয় সেৱাৰ ক্ষেত্ৰত কিছু শিথিলতা থাকিব বুলি প্ৰশাসনে জনাইছে।
অনুষ্টুপীয়াকৈ অনুষ্ঠিত কৰিব পাৰিব বিবাহ অনুষ্ঠান। ২০জনতকৈ অধিক লোক সমৱেত হ’ব নোৱাৰিব বিবাহস্থলীত।
মুকলি ঠাইত কোনো ধৰণৰ সভা-সমিতি অনুষ্ঠিত কৰিব নোৱাৰিব ।