বৃহস্পতিবাৰে ৰাজ্যত ৩,০৭৯ গৰাকী ব্যক্তিৰ শৰীৰত ক’ভিড পজিটিভ  ধৰা পৰাৰ লগতে ক’ভিডত আক্ৰান্ত হৈ থকা ২৬ গৰাকী ব্যক্তিৰ মৃত্যু হয়।

ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমে দিয়া তথ্য অনুসৰি ৰাজ্যত কালিৰ দিনটোত ক’ভিড আক্ৰান্তৰ হাৰ আছিল ৪.৫৮ শতাংশ।

কালি ৰাজ্যত ৬৭,২৭৮ গৰাকী ব্যক্তিৰ ক’ভিড পৰীক্ষা কৰা হৈছিল।

বুধবাৰে অসমত ক’ভিড আক্ৰান্ত লোকৰ হাৰ আছিল ৫.৪৯ শতাংশ আৰু মৃত্যু হোৱা লোকৰ সংখ্যা আছিল ২২ গৰাকী।

উল্লেখযোগ্য যে বৃহস্পতিবাৰ পৰ্য্যন্ত অসমত ১,২৮১ গৰাকী লোকে ক’ভিডত আক্ৰান্ত হৈ মৃত্যুক সাবটি লৈছে।

কালি মৃত্যু হোৱা ২৬ গৰাকী ব্যক্তিৰ ১৫ গৰাকী কামৰূপ মহানগৰৰ, ৩ গৰাকী যোৰহাটৰ, ২ গৰাকী কাচাৰৰ, বঙাইগাঁও, চিৰাং, দৰং, ধেমাজি আৰু কোকৰাঝাৰৰ ১ জনকৈ লোকৰ মৃত্যু হয়।

আনহাতে আক্ৰান্ত লোকৰ সংখ্যা কামৰূপ মহানগৰ জিলাত সৰ্বাধিক ১০২৯ গৰাকী, ডিব্ৰুগড় ২৩৮ গৰাকী, কামৰূপ গ্ৰাম্যত ২৩৪ গৰাকী আৰু নগাঁৱত ১৫৬ গৰাকী ব্যক্তিৰ ক’ভিড ধৰা পৰে।

এই পৰ্য্যন্ত ৰাজ্যত ক’ভিডত আক্ৰান্ত হৈ থকা লোকৰ সংখ্য হৈছে ২৩,১০৪ গৰাকী।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 4,843 other subscribers

Leave a comment

Leave a Reply