ভাইৰাইছ ক’ভিড–১৯ৰ সংহাৰে ৰাজ্যৰ বিভিন্ন প্রান্তৰ লগতে গুৱাহাটী মহানগৰীতো ২০টা দিনৰ ভিতৰতে ১০০ৰো অধিক লোকৰ প্রাণ কাঢ়ি নিছে৷
ৰাজ্যৰ ভিতৰতে গুৱাহাটী মহানগৰীত অতি উদ্বেগজনকভাৱে বৃদ্ধি পাইছে ক’ৰোনা ভাইৰাছত আক্রান্তৰ সংখ্যা৷ বিগত ২০টা দিনত গুৱাহাটী মহানগৰীত সর্বমুঠ ১৭,৬৯০জন লোক ক’ৰোনাত আক্রান্ত হৈছে৷
গুৱাহাটীত ক’ভিড–১৯ত আক্রান্ত লোকৰ সংখ্যা বৃদ্ধি পোৱাত চৰকাৰৰ নির্দেশমর্মে জিলা প্রশাসনে মহানগৰীত সর্বাধিক আক্রান্ত হোৱা ৮টা অঞ্চল চিনাক্ত কৰি উলিয়াইছে৷
কামৰূপ মহানগৰ জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৱে সংবাদমেলত জানিবলৈ দিয়া মতে, ক’ৰোনাৰ হটস্পটৰ তালিকাত আছে ৩, ৮, ১৪, ১৬, ২৪, ২৮, ২৯ আৰু ৩১নং ৱার্ড৷ হটস্পটৰ তালিকাত থকা অঞ্চলকেইটাৰ পৰা যাতে ক’ভিডৰ সংক্রমণ ৰোধ কৰিব পৰা যায় তাৰ বাবে জিলা প্রশাসনে যাৱতীয় ব্যৱস্থা গ্রহণ কৰিছে৷
এই অঞ্চলসমূহত চৰকাৰৰ নীতি–নির্দেশনা অনুসৰি কণ্টেইনমেণ্ট জ’নৰ ব্যৱস্থা কৰিব জিলা প্রশাসনে ৷