ক’ভিডৰ বাবে ভাৰতত বিশেষকৈ দুটা ভেকচিনেই অধিক ভাবে প্ৰয়োগ কৰা হৈছে। এটা ছিৰাম ইনষ্টিটিউটৰ কভিশ্বিল্ড আৰু আনটো ভাৰত বায়টেকৰ কভাক্সিন । শেহতীয়াকৈ দেখা গৈছে কভাক্সিনৰ চাপ্লাই দিনক দিনে কমি আহিছে, যাৰ ফলত বহু ৰাজ্যই ইয়াৰ বিপৰীতে কভিশ্বিল্ড ব্যবহাৰ বেছিকৈ কৰিব লগা হৈছে ।
বাহিৰৰ জগত খনতো কভিশ্বিল্ডৰ তুলনাত কভাক্সিনৰ দাম অধিক হোৱাৰ বাবেও গ্ৰাহকে বিকল্প চিন্তা কৰিছে । অসমতো শেহতীয়াকৈ স্বাস্থ্য বিভাগে প্ৰথম ডজ হিচাবে কভাক্সিন নিদিয়াৰ কথা ঘোষণা কৰিছে । ইতিমধ্যে দি থোৱা ডেৰ লাখ লোকক দ্বিতীয় ডজ দি ইয়াক সামৰিব খুজিছে । অসমত এতিয়াৰে পৰা কভিশ্বিল্ড ভেকছিনেই প্ৰথম ডজ হিচাবে দিয়াৰ কথা স্বাস্থ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে ।
এই সময়তে ভাৰতৰ স্বাস্থ্যসেৱা কৰ্মীসকলৰ (এইচ চি ডব্লিউ) এক অধ্যয়নত কভিশ্বিল্ড ভেকছিনৰ দুটা পালিয়ে কভাক্সিনতকৈ অধিক এণ্টিবডী প্ৰস্তুত কৰে বুলি প্ৰকাশ পাইছে। উক্ত অধ্যয়নত এইটোও প্ৰকাশ পাইছে যে কভিশ্বিল্ড ভেকছিন গ্ৰহণৰ পিছত ‘কোৰোনাৰ সংক্ৰমণ’ তুলনামূলকভাৱে কম হোৱা যায়। চিকিৎসকৰ এটি দলে প্ৰস্তুত কৰা অধ্যয়নত প্ৰকাশ কৰা হৈছে যে যিসকল স্বাস্থ্য কৰ্মীয়ে কভিশ্বিল্ডৰ দুয়োটা পালি লাভ কৰিছে, তেওঁলোকৰ কোনোৱেই অসুস্থ হোৱা নাই।
যদিও দুয়োটা ভেকছিনৰ পালিয়ে সুৰক্ষামূলক, তথাপিও ভেকছিনৰ এটা পালিয়ে প্ৰদান কৰা সুৰক্ষাৰ ক্ষেত্রত কিছু তাৰতম্য দেখা গৈছিল বুলি অধ্যয়নত প্ৰকাশ পাইছে। উল্লেখিত অধ্যয়নটোৰ বাবে, চলিত বৰ্ষৰ জানুৱাৰীৰ পৰা মে’ মাহলৈ ১৩ খন ৰাজ্য আৰু ২২ খন চহৰৰ মুঠ ৫১৫ জন স্বাস্থ্যসেৱা কৰ্মীক সামৰি লৈ মূল্যাঙ্কন কৰা হৈছিল।
অধ্যয়ন সন্দৰ্ভত এগৰাকী চিকিৎসা বিশেষজ্ঞই কয় যে, “কভিশ্বিল্ডৰ এটা পালিৰ ফলত কভাক্সিনতকৈ প্ৰায় ১০ গুণ এণ্টিবডী প্ৰস্তুত হয়, আৰু কভিশ্বিল্ড ভেকছিনৰ ফলত উৎপন্ন হোৱা এণ্টিবডীবোৰ কভাক্সিন ভেকছিন বোৰতকৈ প্ৰায় ছয় গুণ বেছি পৰিমাণে সক্রিয়। কলকাতাৰ জিডি হস্পিটেল এণ্ড ডায়েবেটিচ ইনষ্টিটিউটৰ জ্যেষ্ঠ চিকিৎসা বিষয়া আৰু অধ্যয়নৰ মাজৰ এগৰাকী লেখক ডাঃ এ.কে. সিঙে কয় যে, “ক’ভিডৰ দ্বিতীয় ঢৌৰ এপ্ৰিল মাহৰ পিছত ক’ভিড চিকিৎসালয় সমূহত বৰ্ধিত সংখ্যক ৰোগীৰ সংস্পর্শলৈ অহা প্ৰায় সংখ্যক চিকিৎসক সংক্ৰমিত হৈছে, যদিও কোনো ক্ষতিৰ পৰিণাম দেখিবলৈ পোৱা হোৱা নাই।”
লগতে পঢ়ক সোণাৰিত গীতিকবি পাৰ্বতি প্ৰসাদ বৰুৱাৰ ৫৭ সংখ্যক স্মৃতি দিৱস উদযাপন