মানকাচৰ : ভাৰত-বাংলাদেশ সীমান্তত চাৰিটা চোৰাং গৰুসহ গ্ৰেপ্তাৰ দুই গৰু সৰবৰাহকাৰী। মানকাচৰৰ সুখচৰত ভাৰত-বাংলাদেশ সীমান্তত ৪ চাৰিটা চোৰাং গৰুসহ গ্ৰেপ্তাৰ হয় দুই গৰু সৰবৰাহকাৰী।

ভাৰত-বাংলাদেশ সীমান্তত এতিয়াও সক্ৰিয় হৈ আছে গৰু সৰবৰাহকাৰী। সীমান্তৰ জলপথেৰে একাংশ গৰু সৰবৰাহকাৰীয়ে বাংলাদেশলৈ গৰু সৰবৰাহ অব্যাহত ৰাখিছে। পুনৰ সীমান্তৰ নদী পথৰ পৰা চোৰাং গৰু জব্দ কৰিছে আৰক্ষীয়ে।

দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ মানকাচৰৰ সুখচৰত আৰক্ষীয়ে নদী পথেৰে বাংলাদেশলৈ গৰু সৰবৰাহ কৰিবলৈ লওঁতে দুই গৰু সৰবৰাহকাৰীক চাৰিটাকৈ গৰুসহ গ্ৰেপ্তাৰ কৰে। ধৃত গৰু সৰবৰাহকাৰী দুটা ক্ৰমে মজিবৰ শেখ আৰু সাহেব আলী।

লগতে পঢ়ক : সোণাৰি ক্ৰিকেট পেভেলিয়নৰ আধাৰশিলা

বানৰ সুযোগ লৈ পুনৰ জিলাখনত একাংশ গৰু সৰবৰাহকাৰী সক্ৰিয় হৈ উঠিছে। সুখচৰ আৰক্ষীয়ে এক গোপন খবৰৰ ভিত্তিত অভিযান চলাই গৰু কেইটা জব্দ কৰাৰ লগতে গৰু সৰবৰাহকাৰী দুজনক গ্ৰেপ্তাৰ কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,999 other subscribers

Leave a comment

Leave a Reply