ৰূপহীহাট : ৰূপহীহাটত চোৰাং গৰুসহ আটক গৰু সৰবৰাহকাৰী। চোৰাং গৰুসহ গৰু সৰবৰাহকাৰী আটক হোৱাক কেন্দ্ৰ কৰি ৰূপহীহাটৰ শিঙীমাৰীত উত্তপ্ত পৰিস্থিতি। স্থানীয় ৰাইজে জব্দ কৰে চোৰাং গৰু।
ৰাজ্যত বৰ্তমানেও অব্যাহত আছে চোৰাং গৰুৰ ৰমৰমীয়া বেহা। নগাঁও জিলাৰ ৰূপহীহাটৰ পশ্চিম শিঙিমাৰীত ৰাইজৰ জালত পৰিল ৪ টা চোৰাং গৰুসহ এজন গৰু সৰবৰাহকাৰী। ৰূপহীৰ পৰা শিঙিমাৰী অভিমুখে ৪ টা গৰু সৰবৰাহকাৰীয়ে নি থকা অৱস্থাত গাৱঁৰক্ষী বাহিনী আৰু স্থানীয় ৰাইজে গৰুসহ গৰু সৰবৰাহকাৰী জনক আটক কৰে।
লগতে পঢ়ক : সোণাৰিত অসম হেণ্ডবল সন্থাৰ সংবাদমেল
ঘটনাস্থলীৰ পৰা পলায়ন কৰিবলৈ সক্ষম হয় তিনিজন গৰু সৰবৰাহকাৰী। অৱশ্যে ৰাইজৰ জালত পৰে ৰূপহীহাটৰ কাঞ্চনপুৰৰ নেকিবুৰ ৰহমান নামৰ এজন গৰু সৰবৰাহকাৰী। আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত ৰূপহীহাট থানাৰ আৰক্ষী উপস্থিত হৈ ৪ টা গৰুসহ সৰবৰাহকাৰী নেকিবুৰ ৰহমানক আৰক্ষীয়ে আটক কৰে।