মানকাচৰ : মানকাচৰৰ সুখচৰ-টেংনামাৰীত জিলা আৰক্ষীৰ অভিয়ানত দুটা হাৰিয়ানা গৰুসহ জব্দ ৬ টাকৈ গৰু। সুখচৰ আৰক্ষীয়ে জব্দ কৰা গৰু চোৰাং বেপাৰীৰ হাতত বিক্ৰী কৰাৰ অভিযোগত চলোৱা হৈছিল অভিযান। সুখচৰ আৰক্ষীৰ বিৰুদ্ধে জিলা আৰক্ষীয়ে চলাবনে তদন্ত। বাংলাদেশলৈ চোৰাংভাৱে সৰবৰাহ কৰিবলৈ অনা বিভিন্ন প্ৰজাতিৰ গৰু আৰক্ষী আৰু বিএছএফে জব্দ কৰাৰ পিছত খোৱাৰাৰ পৰা আৰক্ষীয়ে চোৰাং বেপাৰীৰ হাতত বিক্ৰী কৰি গৰুৰ চোৰাং কাৰবাৰৰ লগত আৰক্ষী জৰিত হৈ পৰাৰ গুৰুত্বৰ অভিযোগ উত্থাপিত হৈ আহিছে।

বিশেষকৈ দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ সদৰ হাটশিঙিমাৰীৰ কাষতে থকা সুখচৰ আৰক্ষীৰ বিৰুদ্ধে এই গুৰুত্বৰ অভিয়োগ উত্থাপিত হৈ আহিছে। সুখচৰ আৰক্ষীয়ে জব্দ কৰা চাৰিটা হাৰিয়ানা গৰু আৰু ৪ টা থলুৱা গৰুসহ মুঠ ৮ টা গৰু সুখচৰৰ টেংনামাৰীৰ কবিৰ হুছেইন নামৰ এজন লোকৰ ওচৰত বিক্ৰী কৰা বুলি এক অভিযোগ উত্থাপন হৈছিল। ইয়াৰ পিছতে জিলা উপ আৰক্ষী অধীক্ষক এছ চাংছান ঘটনাস্থলীত তদন্তৰ বাবে উপস্থিত হয়।

জিলা উপ আৰক্ষী অধীক্ষক গৰাকীয়ে গৰু কেইটা বিচাৰি কবিৰ হুছেইনৰ ঘৰত অভিযান চলায় যদিও ঘৰখনৰ পৰা গৰু উদ্ধাৰ কৰাত আৰক্ষী ব্যৰ্থ হয়।সুখচৰৰ পৰা নাওঁযোগে আৰক্ষী ঘটনাস্থলীত অহাৰ উমান পাই গৰু মাফিয়া কবিৰ হুছেইনে গৰু কেইটা ঘৰৰ পৰা আতৰাই নিয়ে। ইয়াৰ পিছতে আৰক্ষীয়ে কবিৰ হুছেইনৰ ঘৰৰ পিছফালে থকা মৰাপাটৰ খেতিৰ মাজত অভিযান চলাই মৰাপাট খেতিৰ মাজৰ পৰা গৰু কেইটা উদ্ধাৰ কৰিবলৈ সক্ষম হয়। দুটা হাৰিয়ানা পৰা অনা চোৰাং গৰুৰ লগতে চাৰিটা থলুৱা গৰু আৰক্ষীয়ে জব্দ কৰি সুখচৰ আৰক্ষীৰ হাতত জমা দিয়ে। ইফালে সুযোগ বুজি আৰক্ষীৰ অভিযানৰ মাজতেই কবিৰ হুছেইন ঘটনাস্থলীৰ পৰা পলায়ন কৰে।

গৰু কেইটা আৰক্ষীয়ে পূৰ্বে জব্দ কৰি বিক্ৰী কৰিছিল বুলি উঠা অভিযোগ কিমান সত্য এই সন্দৰ্ভত উপ আৰক্ষী অধীক্ষক গৰাকীয়ে বিষয়টো তদন্ত কৰা হ’ব বুলি জানিবলৈ দিয়ে। ইফালে সুখচৰ আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া সুদিপ চৌধুৰীয় এই ঘটনাৰ লগত জড়িত নহয় বুলিও উপ আৰক্ষী অধীক্ষক গৰাকীয়ে জানিবলৈ দিয়ে। জানিব পৰা মতে সীমান্ত সুৰক্ষা বাহিনীয়ে গৰু জব্দ কৰিলে গৰুৰ গাত বিশেষ চিন দি আৰক্ষীৰ ওচৰত জমা কৰে। ফলত আৰক্ষীয়ে বিশেষ চিনযুক্ত গৰু কেইটা খোৱাৰাত জমা কৰে।

উপ আৰক্ষী অধীক্ষক গৰাকীয়ে মৰাপাটৰ খেতিৰ মাজত উদ্ধাৰ কৰা গৰু কেইটাৰ গাতো বিশেষ চিন থকাত গৰু কেইটা সীমান্ত সুৰক্ষা বাহিনীয়ে পূৰ্বে জব্দ কৰি আৰক্ষীক গতাই দিছিল নেকি তাক লৈ বিভিন্ন মহলত প্ৰশ্নৰ উদয় হৈছে। সঁচাকৈ সুখচৰ আৰক্ষী এই গৰু কেইটা জব্দ কৰাৰ পাছত বিক্ৰী কৰিছিল নেকি তাক লৈ সুখচৰত ৰহস্যৰ সৃষ্টি হৈছে। এই ক্ষেত্ৰত সুখচৰ আৰক্ষীৰ বিৰুদ্ধে জিলা আৰক্ষী বা আৰক্ষীৰ উৰ্ধতম কতৃপক্ষই কি ধৰণৰ ব্যৱস্থা গ্ৰহন কৰে সেয়া পৰবৰ্তী সময়ত লক্ষণীয় হ’ব।

লগতে পঢ়ক : মাৰ্ঘেৰিটাত উত্তৰপূব কয়লা ক্ষেত্ৰ পুনৰ মুকলিক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আলোচনা

মন কৰিবলগীয়া বিষয় যে যোৱা প্ৰায় চাৰিদিন পূৰ্বে সুখচৰৰ একাংশ সচেতন লোক সুখচৰ আৰক্ষীৰ এল চি আখিৰুল খন্দকাৰৰ বিৰুদ্ধে জিলা আৰক্ষী অধীক্ষকৰ ওচৰত এটা লিখিত অভিযোগ দাখিল কৰিছে। অভিযোগ মতে আখিৰুল খন্দকাৰ গৰুৰ চোৰাং কাৰবাৰৰ লগত জড়িত হৈ আছে। বিষয়টো সন্দৰ্ভত জিলা আৰক্ষীয়ে তদন্ত অব্যহত ৰখাৰ মাজতে এইদৰে ৰহস্যজনকভাৱে কবিৰ হুছেইনৰ ঘৰৰ পৰা গৰু উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply