মানকাচৰ : ৰাজ্যজুৰি মাৰাত্মক ক’ভিডৰ তাণ্ডৱ চলি থকাৰ মাজতে অব্যাহত আছে গৰুৰ অবৈধ সৰবৰাহ। বিশেষকৈ নামনি অসমৰ ধুবুৰী আৰু দক্ষিণ শালমাৰা-মানকাচৰ জিলাত ব্যাপক হাৰত গৰুৰ অবৈধ সৰবৰাহ অব্যাহত আছে। জিলা দুখনৰ নদী পথেৰে প্ৰতিদিনে বৃহৎ সংখ্যক গৰু যন্ত্ৰ চালিত নাওঁৰে বাংলাদেশলৈ সৰবৰাহ কৰা হয়। আৰক্ষীয়ে বিভিন্ন সময়ত অভিযান চলাই গৰু জব্দ কৰাৰ লগতে গৰুৰ অবৈধ সৰবৰাহৰ লগত জড়িত বহু লোকক আটক কৰিছে যদিও ৰোধ হোৱা নাই গৰু সৰবৰাহৰ অবৈধ বেহা।
দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ অন্তৰ্গত হাটশিঙিমাৰীৰ সুখচৰত আৰক্ষীয়ে পুনৰ অভিযান চলাই এটা যন্ত্ৰ চালিত নাওঁসহ ৩০ টাকৈ গৰু জব্দ কৰিবলৈ সক্ষম হৈছে। সুখচৰৰ ভাৰত-বাংলাদেশ সীমান্তত এক গোপন খবৰৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলাই যন্ত্ৰ চালিত নাওঁসহ ৩০ টাকৈ গৰু জব্দ কৰে। উল্লেখ্য যে যন্ত্ৰ চালিত নাওঁৰে গৰু বাংলাদেশলৈ সৰবৰাহকৰাৰ খবৰ লাভ কৰি আৰক্ষীয়ে অভিযান চলাই নাওঁসহ ৬ টাকৈ গৰু কেইটা জব্দ কৰে।
আৰু পঢ়কঃ দুই কনমানিৰ মুখ্যমন্ত্ৰীলৈ আহ্বান, “আমাক পঢ়াৰ ব্যবস্থা কৰি দিয়ক”
ইয়াৰ পূৰ্বে যোৱা দেওবাৰে নিশাৰ ভাগত অভিযান চলাই সুখচৰ আৰক্ষীয়ে ২৪ টাকৈ গৰু জব্দ কৰিছিল। দুইদিনৰ ভিতৰত সুখচৰ আৰক্ষীয়ে অভিযান চলাই মুঠ ৩০ টা গৰু জব্দ কৰিছে। উল্লেখ্য যে ব্ৰহ্মপুত্ৰ নদীৰ মাজৰে একাংশ গৰু চিণ্ডিকেট চক্ৰই নিশাৰ ভাগত বাংলাদেশলৈ গৰু সৰবৰাহ কৰে। দক্ষিণ শালমাৰা-মানকাচৰ আৰক্ষীয়ে গৰু সৰবৰাহকাৰী চক্ৰৰ বিৰুদ্ধে অভিযান অধিক তীব্রতৰ কৰি তুলিছে বুলি আৰক্ষীয়ে জানিবলৈ দিছে।