মানকাচৰ : মানকাচৰৰ ভাৰত-বাংলাদেশ সীমান্তত পুনৰ ৭ টাকৈ গৰুসহ এজন গৰু সৰবৰাহকাৰী গ্ৰেপ্তাৰ। বাংলাদেশলৈ সৰবৰাহ কৰি থকা অৱস্থাত আৰক্ষীয়ে গৰুসহ গ্ৰেপ্তাৰ কৰে সৰবৰাহকাৰীজনক। ধৃত গৰু সৰবৰাহকাৰীজন বৃহৎ গৰু ছিণ্ডিকেট চক্ৰৰ সদস্য বুলি আৰক্ষীৰ সন্দেহ।

মাৰাত্মক ক’ভিডৰ ভয়াবহ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ৰাজ্যজুৰি সান্ধ্য আইন চলি থকাৰ মাজতে ৰাজ্যত অব্যাহত আছে গৰুৰ চোৰাং সৰবৰাহ। নামনি অসমৰ ধুবুৰী আৰু দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ ভাৰত-বাংলাদেশ সীমান্তত গৰু সৰবৰাহৰ এক বৃহৎ চক্ৰ গঢ় লৈ উঠিছে। এই চক্ৰটোৱে দিনে-নিশাই চোৰাংভাৱে বাংলাদেশলৈ সৰবৰাহ কৰি আছে গৰু।

দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ মানকাচৰ থানাৰ অন্তৰ্গত ভাৰত-বাংলাদেশ সীমান্তত বুধবাৰে সন্ধিয়াৰ ভাগত গৰু সৰবৰাহকাৰী এজনে বাংলাদেশলৈ গৰু চালন কৰিবলৈ নিয়া অৱস্থাত মানকাচৰ আৰক্ষীয়ে ৭ টা গৰুসহ সৰবৰাহকাৰীজনক গ্ৰেপ্তাৰ কৰে।মানকাচৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নিতাই চন্দ্ৰ ৰায়ৰ নেতৃত্বত চলা অভিযানত গ্ৰেপ্তাৰ হোৱা গৰু সৰবৰাহকাৰীজন মানকাচৰ থানাৰ অন্তৰ্গত কাঠালবাৰি গাঁৱৰ সহিজল হকৰ পুত্ৰ আৰমান আলী বুলি চিনাক্ত কৰা হৈছে।

আৰু পঢ়কঃ মাজুলীৰ গৰাখহনীয়া অঞ্চল পৰিদৰ্শন স্থানীয় বিধায়ক সৰ্বানন্দ সোনোৱালৰ লগত জলসম্পদ মন্ত্ৰীৰ

সন্ধিয়া প্ৰায় ৫ বজাত ৭ টা গৰু লৈ ভাৰত-বাংলাদেশ সীমান্তৰ চাৰবাৰী গাঁৱৰ দিশে গৈ থকা অৱস্থাতে আৰক্ষীয়ে সৰবৰাহকাৰীজনক ৭ টা গৰুসহ গ্ৰেপ্তাৰ কৰে। ধৃত গৰু সৰবৰাহকাৰীজন এটা বৃহৎ গৰু ছিণ্ডিকেট চক্ৰৰ লগত জড়িত আছে বুলি আৰক্ষী জানিব দিয়ে। আৰক্ষীয়ে ধৃত গৰু সৰবৰাহকাৰীজনক জেৰা চলাই গৰু ছিণ্ডিকেট চক্ৰটোৰ অন্য সদস্য সকলৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,006 other subscribers

Leave a comment

Leave a Reply