মানকাচৰ : দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ মানকাচৰ থানা এলেকাৰ অধীনস্থ দ্বীপচৰ ভাৰত-বাংলাদেশ সীমান্তত সোমবাৰে সন্ধিয়া প্ৰায় ৬.৩০ বজাত গৰু সৰবৰাহকাৰীৰ বিৰুদ্ধে বিএছএফে অভিযান চলায়। বিএছএফে অভিযানকালত গৰু সৰবৰাহকাৰীক লক্ষ্য কৰি গুলী চালনা কৰাত এজন গৰু সৰবৰাহকাৰী নিহত হয়।
উল্লেখযোগ্য যে সন্ধিয়া ১০-১২ জনীয়া গৰু সৰবৰাহকাৰী দল এটা কেইবাটাও গৰু লৈ ভাৰত-বাংলাদেশ সীমান্তৰ দ্বীপচৰ বিএছএফ কেম্প এলেকাত উপস্থিত হয়। কাঁইটীয়া তাঁৰৰ বেৰৰ ওপৰেদি ঢেকীৰ সহযোগত গৰু বাংলাদেশলৈ পাৰ কৰাৰ সময়ত গৰু সৰবৰাহকাৰী কেইজনক বিএছএফে বাধা প্ৰদান কৰে।
বি এছ এফৰ বাধাক অমান্য কৰি গৰু সৰবৰাহকাৰী দলটো দাৰে বিএছএফক আক্ৰমণ কৰিবলৈ খেদি আহে। ফলত বিএছএফে গুলী চালনা কৰাত এজন গৰু সৰবৰাহকাৰী গুলীবিদ্ধ হয়। বিএছএফে গুলী চালনা কৰাৰ লগে লগে সৰবৰাহকাৰী চক্ৰটো ঘটনাস্থলীৰ পৰা পলায়ন কৰে।
ইফালে আহত গৰু সৰবৰাহকাৰীজনক বিএছএফে হাটশিঙিমাৰী অসামৰিক চিকিৎসালয়ত আনি ভৰ্তি কৰে যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে। নিহত গৰু সৰবৰাহকাৰীজন মানকাচৰ থানা এলেকাৰ অধীনস্থ মণ্ডলকান্ধি গাঁৱৰ জাকিৰ হুছেইনৰ পুত্ৰ মহাম্মদ মণ্ডল বুলি চিনাক্ত কৰা হৈছে।
লগতে পঢ়ক : ধেমাজিৰ বিষ্ণুপুৰত দিনযোৰা কাৰ্যসূচীৰে শ্বহীদ স্মৃতি দিৱস পালন
ঘটনাক লৈ নিশা জিলা আৰক্ষী অধীক্ষক, জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক, জিলা উপ আৰক্ষী অধীক্ষক তথা মানকাচৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লোৱাৰ লগতে তদন্ত আৰম্ভ কৰিছে। মঙলবাৰে পুৱাৰ ভাগত নিহত লোকজনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।