তেজপুৰঃ আমাৰ সমাজৰ খাতিখোৱা লোকৰ জীৱন – জীৱিকালৈ অশনি সংকেত কঢ়িয়াই আনিছে কৰোনা অতিমাৰীয়ে। বহু ক্ষেত্ৰত এনে লোকসকলৰ আয়ৰ পথ একপ্ৰকাৰ স্তব্ধ হৈ পৰিছে।
তেজপুৰৰ নিকটৱৰ্তী ডেকাৰগাঁৱৰ যুৱক ৰূপজ্যোতি বৰাই দিনটোৰ অধিকাংশ সময় কৃষি কৰ্মতে জড়িত হৈ থাকে।
এই কৃষি কৰ্মৰ মাজতে সুদীৰ্ঘ দিন ধৰি এইগৰাকী যুৱকে নিজৰ বাসগৃহৰ চৌহদতে আৰম্ভ কৰে গো -পালন আৰু উন্নতমানৰ ছাগলী পালন।
কেইবাজনীও উন্নত জাতৰ গাই লৈ এই ব্যৱসায় আৰম্ভ কৰা ৰূপজ্যোতিয়ে দৈনিক ৭০ – ৮০ লিটাৰ গাখীৰ নিজৰ এই পামৰ পৰা উৎপাদন কৰি নিজৰ লগতে পৰিয়ালৰ আৰ্থিক স্বাৱলম্বীতাৰ পথ প্ৰশস্ত কৰি আহিছে।
আৰু পঢ়কঃকামপুৰৰ ভিন্ন প্ৰান্তত চুলাই মদৰ বিৰুদ্ধে অভিযান
কিন্তু যোৱা বছৰৰ পিছত এইবাৰো কৰোনা অতিমাৰীয়ে বিধি পথালি দিয়াত সেই উৎপাদিত গাখীৰৰ চাহিদা সমূলি নোহোৱা হৈ পৰাত যথেষ্ট সমস্যাৰ সৃষ্টি হৈছে।
চাহ আৰু মিঠাইৰ দোকানত এই গাখীৰ যোগান ধৰি আহিছিল যদিও লকডাউনে সেই দোকানসমূহৰো মন্দাৱস্থা কৰাত গাখীৰ বিক্ৰী কৰিব নোৱাৰি এতিয়া সমস্যাত পৰিছে যুৱক গৰাকী। গো- পালনৰ লগতে ছাগলী পালনৰ জৰিয়তে সম্প্ৰতি জীৱিকা নিৰ্বাহ কৰা ৰূপজ্যোতি সম্প্ৰতি আৰ্থিক সমস্যাৰে জৰ্জৰিত হৈ পৰিছে। বৰ্তমানলৈ কোনো ধৰণৰ চৰকাৰী সাহাৰ্য্য়ও লাভ কৰিবলৈ সক্ষম হোৱা নাই ৰূপজ্যোতি বৰাই ।