নিউজ ডেস্ক : যোৱা সোমবাৰে Indian Overseas Bank-এ গুৱাহাটীৰ আই টি এ মাছখোৱাত এক ঋণ প্ৰসাৰৰ কাৰ্য্যসূচী (Credit outreach program) গ্ৰহণ কৰে। বেংকটোৰ মুখ্য কাৰ্য্যালয়ৰ কাৰ্য্যবাসী সঞ্চালক অজয় কুমাৰ শ্ৰিৱাস্তৱে উক্ত অনুষ্ঠানত সভাপতিত্ব কৰে।
উত্তৰ-পূবৰ ৭খন ৰাজ্যৰ পৰা অহা গ্ৰাহকে ভাগ লোৱা উক্ত অনুষ্ঠানত ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ, খুচুৰা ব্যৱসায় আৰু কৃষিখণ্ডৰ সৈতে জড়িত ১০০ গৰাকী গ্ৰাহকৰ একাউণ্টত ৩১ কোটি টকাতকৈ অধিক ক্ৰেডিট বিতৰণ কৰা হয়।
গ্ৰাহকসকলক কাৰ্য্যবাসী সঞ্চালক অজয় কুমাৰ শ্ৰিৱাস্তৱে অনুমোদন পত্ৰসমূহ বিতৰণ কৰে।
সভাত Indian Overseas Bank-ৰ গুৱাহাটী আঞ্চলিক কাৰ্য্যালয়ৰ কেইবা গৰাকী শীৰ্ষ বিষয়া উপস্থিত থাকে।
লগতে পঢ়ক : অনিমেষ ভূঞাৰ হত্যাকাণ্ড; মাতৃৰ বুকু উদং কৰা এনে জিঘাংসাৰ অন্ত পৰিব কেতিয়া?