সোণাৰি: অসম ক্ৰিকেট সন্থাৰ অৰ্থ সাহায্যত চৰাইদেউ জিলাৰ ৰজাপুখুৰীস্থিত নিৰ্মাণ হ’ব ক্ৰিকেট পেভেলিয়ান | চৰাইদেউ জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত নিৰ্মাণ কৰিবলৈ লোৱা প্ৰস্তাৱিত সোণাৰি ক্ৰিকেট পেভেলিয়নৰ আজি আধাৰশিলা স্থাপন কৰে অসম ক্ৰিকেট সন্থাৰ সভাপতি ৰমেন দত্তই ।
এই অনুষ্ঠানত অসম ক্ৰিকেট সন্থাৰ সম্পাদক দেৱজিৎ শইকীয়া, উপ সভাপতি পৰিক্ষিত দত্ত, কোষাধ্যক্ষ ত্ৰিদীপ কোঁৱৰ আৰু যুটীয়া সম্পাদক কামাখ্যা শইকীয়া আদি উপস্থিত থাকে ।
এই উপলক্ষে ক্ৰীড়া সংগঠক মুক্তাবুল হুছেইনে আঁতধৰা এক সভাত এ চি এৰ সভাপতি ৰমেন দত্ত, সম্পাদক দেৱজিৎ শইকীয়াই চৰাইদেউ জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰখনত প্ৰায় এক কোটি টকা ব্যয় সাপেক্ষে পেভিলিয়নটোৰ উপৰি খেলপথাৰ, ক্ৰিকেট পিটছ আদি নিৰ্মাণ কৰা হ’ব বুলি জানিবলৈ দিয়ে।
লগতে পঢ়ক ভেকচিনৰ অপচয় ৰোধৰ ৰবটিক পদ্ধতি উদ্ভাৱন