গুৱাহাটী : শুকুৰবাৰে মহানগৰীৰ সাউকুছিত চলিল অপৰাধ নিয়ন্ত্ৰণ শাখাৰ অভিযান। এগৰাকী মহিলাৰ ঘৰৰ চলে অসম আৰক্ষীৰ অপৰাধ নিয়ন্ত্ৰণ শাখাৰ অভিযান। দুই লাখ টকা মূল্যৰ বিলাসী বাইক, নগদ ধন আৰু ব্ৰাউন ছুগাৰ জব্দ মহিলা গৰাকীৰ ঘৰৰ পৰা।
ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীৰ চুকে কোনে অসম আৰক্ষীয়ে চলাই গৈছে ড্ৰাগছ বিৰোধী অভিযান। বিগত কিছুদিন ধৰি মহানগৰ আৰক্ষী ড্ৰাগছৰ বিৰুদ্ধে অধিক তৎপৰতাৰে অভিযান চলাই এটাৰ পিছত আনটো সাফল্য লাভ কৰিছে।
মহানগৰ আৰক্ষীৰ সমান্তৰালে এইবাৰ ড্ৰাগছ বিৰোধী অভিযা নামিল অসম আৰক্ষীৰ অপৰাধ নিয়ন্ত্ৰণ শাখা। শুকুৰবাৰে মহানগৰীৰ সাউকুছিৰ ত্ৰিনয়ন পথৰ ৰীতা বড়ো নামৰ এগৰাকী মহিলাৰ ঘৰত অপৰাধ নিয়ন্ত্ৰণ শাখাই ড্ৰাগছ বিৰোধী অভিযান চলায়।
লগতে পঢ়ক : ভাৰতত পুনৰ বৃদ্ধি পাবলৈ ধৰিছে ক’ভিড সংক্ৰমণৰ হাৰ
অভিযানকাৰী দলটোৱে মহিলা গৰাকীৰ ঘৰৰ পৰা ১৪ টাকৈ ব্ৰাউন ছুগাৰ ভৰ্তি প্লাষ্টিকৰ কন্টেইনাৰ, নগদ ৪ হাজাৰ টকা আৰু ড্ৰাগছ বিক্ৰী কৰি পোৱা ধনেৰে কিনা এখন দুই লাখ টকা মূল্যৰ নতুন বিলাসী বাইক জব্দ কৰে।