অসম বিধানসভালৈ এইবাৰ নিৰ্বাচিত ১২৬ জন সদস্যৰ ভিতৰত অপৰাধী বিধায়কৰ সংখ্যা হ’ল ৩৪ গৰাকী । যোৱা বিধানসভাত অপৰাধী সদস্যৰ সংখ্যা আছিল ১৫ গৰাকী এইবাৰ এই সংখ্যা দুগুনলৈ বৃদ্ধি হ’ল । এছ’চিয়েচন ফৰ ডেম’ক্রেটিক ৰিফ’মছ (এ ডি আৰ) নামৰ সংস্থাটোৱে প্রকাশ কৰা তথ্যত প্ৰকাশ পাইছে এই পৰিসংখ্যা ।
ইয়াৰে ২৮জনৰ বিৰুদ্ধে আছে হত্যা, হত্যাৰ চেষ্টা, মহিলাৰ বিৰুদ্ধে অপৰাধমূলক গোচৰৰ দৰে গুৰুতৰ অভিযোগ৷ ২০১৬ চনত এই সংখ্যা আছিল মাত্র ১৫৷ বিজেপিৰ ৯জন, কংগ্রেছৰ ১২জন, এআইইউডিএফৰ ১০জন, অগপৰ এজন, ইউপিপিএলৰ ৬জন আৰু এজন নির্দলীয় প্রার্থীৰ বিৰুদ্ধে অপৰাধমূলক গোচৰ ৰুজু হৈ থকাৰ কথা মনোনয়ন–পত্রৰ লগত গাঁঠি দিয়া শপতনামাত উল্লেখ কৰিছে৷
অসম বিধানসভালৈ নতুনকৈ নির্বাচিত হোৱা ১২৬জন বিধায়কৰ ভিতৰত ৮৫ জনপ্রতিনিধয়েই হৈছে কোটিপতি৷ বিগত নির্বাচনৰ তুলনাত কোটিপতি বিধায়কৰ সংখ্যা এইবাৰ ১০ শতাংশ বৃদ্ধি পাইছে৷ ২০১৬ চনত নির্বাচিত হোৱা বিধায়কসকলৰ ৭২জন আছিল কোটিপতি৷ এছ’চিয়েচন ফৰ ডেম’ক্রেটিক ৰিফ’মছ (এ ডি আৰ) নামৰ সংস্থাটোৱে প্রকাশ কৰা তথ্য অনুসৰি নৱনির্বাচিত বিধায়কসকলৰ ভিতৰত বিজেপিৰ ৪৩জন কোটিপতি৷
সেইদৰে কংগ্রেছৰ ২৯জনৰ ভিতৰত ২১জন, বিপিএফৰ ৪জনৰ ভিতৰত ৩জন, অগপৰ ৯জনৰ ভিতৰত ৮জন, এআইইউডিএফৰ ১৬জনৰ ভিতৰত ৮জন বিধায়কেই হৈছে কোটিপতি৷ গড় হিচাপত প্রতিজন বিধায়কৰ সম্পত্তিৰ পৰিমাণ হৈছে ৪.৫৯ কোটি টকা৷ ২০১৬ চনত এই পৰিমাণ আছিল ২.৪৫ কোটি৷ অর্থাৎ বিধায়কসকলৰ গড় সম্পত্তিৰ পৰিমাণ দুুগুণলৈ বৃদ্ধি পাইছে৷ নৱনির্বাচিত বিধায়কসকলৰ ভিতৰত সবাতোকৈ ধনী হৈছে যমুনামুখৰ বিধায়ক চিৰাজুদ্দিন আজমল৷
এআইইউডিএফৰ বিধায়কজনৰ ঘোষিত সম্পত্তিৰ পৰিমাণ হৈছে ১১১ কোটি৷ ইয়াৰ পিছতে বিধায়কসকলৰ ভিতৰত ২৬ কোটি টকাৰ সম্পত্তিৰে দ্বিতীয় স্থানত আছে দক্ষিণ কৰিমগঞ্জৰ কংগ্রেছৰ বিধায়ক ছিদ্দিক আহমেদ৷ এই তালিকাৰ তৃতীয় স্থানত থকা ঢ়কুৱাখনাৰ বিধায়ক তথা মন্ত্রী নৱ কুমাৰ দলেৰ সম্পত্তিৰ পৰিমাণ হৈছে ২৫ কোটি টকা৷
আনহাতে, নৱনির্বাচিত বিধায়কসকলৰ ভিতৰত ৩৪জন বিধায়কেই অষ্টমৰ পৰা দ্বাদশ শ্রেণীৰ শিক্ষাগত অর্হতা হিচাপে প্রকাশ কৰিছে৷ অৱশ্যে ৯১জন বিধায়কৰ শিক্ষাগত অর্হতা স্নাতক পর্যায়ৰ৷ ইয়াৰ ভিতৰত দুজন বিধায়ক হৈছে অষ্টম শ্রেণী উত্তীর্ণ৷ ইয়াৰ বিপৰীতে ১২জন দশম শ্রেণী উত্তীর্ণ আৰু ২০জন দ্বাদশ শ্রেণী উত্তীর্ণ বিধায়ক এইবাৰ নির্বাচিত হৈছে৷