বোকাখাতঃ সুদীৰ্ঘ সময়ৰ পাছত ঘৰিয়ালৰ উপস্থিতি পোৱা গৈছে ব্ৰহ্মপুত্ৰ উপত্যকাত৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সংযোজন এলেকাৰ শিলঘাটৰ এটা চাপৰিত দেখিবলৈ পোৱা গৈছে ঘৰিয়াল৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চল কৰ্তৃপক্ষ আৰু বিশ্ব প্ৰকৃতি নিধিক যৌথ উদ্যোগত ব্ৰহ্মপুত্ৰৰ চাপৰিত চলাই থকা এক জৰীপৰ সময়ত পোৱা গৈছে ঘৰিয়ালৰ তথ্য৷
জৰীপ দলৰ সদস্য বিশ্ব প্ৰকৃতি নিধিৰ সমন্বয়ক ত্ৰিদীপ শৰ্মাৰ কেমেৰাত বন্দী হৈছে ব্ৰহ্মপুত্ৰৰ বালিত থকা এটা ঘৰিয়ালৰ ছবি৷ ইয়াৰ আগতে কাজিৰঙাত ঘৰিয়াল দেখাৰ প্ৰমানিক তথ্য পোৱা হোৱা নাছিল ৷ বৃহস্পতিবাৰে বিশ্ব বন্যপ্ৰাণী দিৱসৰ দিনাই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পোৱা এই ঘৰিয়ালৰ তথ্যই ইতিমধ্যেই দেশ জুৰি চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ ১৯৯৪ চনত ব্ৰহ্মপুত্ৰত ঘৰিয়াল পোৱাৰ এটা তথ্য আছিল যদিও ইয়াৰ কোনো চাক্ষুক প্ৰমান নাছিল ৷
ইয়াৰ সুদীৰ্ঘ সময়ৰ পিচত ব্ৰহ্মপুত্ৰ উপত্যকাত ঘৰিয়াল অস্তিত্ব বিলুপ্ত হোৱা বুলি ভবা গৈছিল ৷ সেয়েহে সুদীৰ্ঘ সময়ৰ পিচত পোৱা ঘৰিয়ালৰ এই তথ্যই দেশ জুৰি চাঞ্চল্যৰ সৃষ্টি ৷ দেশৰ সমুহ বন্যপ্ৰাণী গৱেষকৰ মাজতো চৰ্চা লাভ কৰিছে ৷ ইফালে কাজিৰঙাত শেষতীয়াকৈ আৰম্ভ হোৱা নদী পৰ্যটনকো ঘৰিয়ালৰ এই তথ্যই অন্য এক মাত্ৰ প্ৰদান কৰিছে ৷ গঁড়, ঢেকীয়াপতীয়া বাঘ, দল হৰিণ বা পৰিভ্ৰমী পক্ষীৰ পিচত এতিয়া ঘৰিয়ালো পৰ্যটকৰ আকৰ্ষণ হ’ব পাৰে বুলি ভবা হৈছে ৷