স্বপন নাথ,কাজিৰঙা: এসময়ত ব্ৰহ্মপুত্ৰত ঘৰিয়াল পৰ্যাপ্ত পৰিমাণে দেখা পোৱা গৈছিল বুলি পৰিবেশ প্ৰদূষণ, এচাম লোকে যধে মধে ঘৰিয়াল চিকাৰ কৰা , বিচৰণত বাধাৰ সৃষ্টি কৰা আদি বিভিন্ন কাৰণত ব্ৰহ্মপুত্ৰৰৰ পৰা প্ৰায় ৮০ দশকৰ পৰাই ঘৰিয়াল নোহোৱা হৈ পৰিছিল ।
কিন্তু কালি বিশ্ব বন্যপ্ৰাণী দিৱসৰ দিনাই প্ৰকৃতিপ্ৰেমীৰ কাৰণে এক শুভ বাৰ্তা আহি পৰিছে । প্ৰায় চাৰি দশকতকৈও অধিক কালৰ পিছতো আজি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সংযোজন এলেকাৰ ব্ৰহ্মপুত্ৰৰৰ টাপুত ঘৰিয়াল প্ৰত্যক্ষ কৰিছে বেচৰকাৰী স্বেচ্ছাসেবী সংগঠন বিশ্ব প্ৰকৃতি নিধি চমুকৈ ডব্লিউ ডব্লিউ এফৰ এজন বিষয়াই ।
জানিব পৰা মতে ডব্লিউ ডব্লিউ এফৰ প্ৰকল্প বিষয়া ত্ৰিদিপ শৰ্মাই ব্ৰহ্মপুত্ৰতত চলাই থকা এক অভিযানৰ সময়ত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সংযোজন এলেকাৰ শিলঘাট পাহাৰৰ পূব দিশত থকা ব্ৰক্ষপুত্ৰৰ এটা টাপুত আজি পুৱা প্ৰায় দহ বজাত ৰদ লৈ থকা অৱস্থাত প্ৰত্যক্ষ কৰে । কেৱল প্ৰত্যক্ষ কৰাই নহয় ব্ৰহ্মপুত্ৰৰৰ টাপুত ঘৰিয়ালটোৱে ৰদ লৈ থকা আৰু নাৱৰ শব্দ শুনি পানীলৈ নামি যোৱা ভি ডি অ’ কৰিবলৈও সক্ষম হয় ।
এই ক্ষেত্ৰত ডব্লিউ ডব্লিউ এফৰ প্ৰকল্প বিষয়া ত্ৰিদিপ শৰ্মাই জানিবলৈ দিয়া মতে ডব্লিউ ডব্লিউ এফৰ উদ্যোগত বিগত এমাহ দিন ধৰি ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ পৰা শিৱসাগৰৰ পানী দিহিং লৈকে দুটা দলে ব্ৰহ্মপুত্ৰত পৰ্যবেক্ষণ আৰু তথ্য সংগ্ৰহৰ কাম কৰি আছে । নামনি অৰ্থাৎ ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ পৰা নাৱেৰে ব্ৰহ্মপুত্ৰত উজনিলৈ গৈ থাকোতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সংযোজন এলেকাৰ ব্ৰহ্মপুত্ৰৰৰ এটা টাপুত এটা ঘৰিয়ালে ৰৈ লৈ আছিল ।
নাৱৰ শব্দ শুনি পানীলৈ নামি যায় যদিও ভি ডি অ’ কৰি তথ্য সংগ্ৰহ কৰিবলৈ সক্ষম হয় । প্ৰকল্প বিষয়াজনে আৰু জানিবলৈ দিয়া মতে আজি উদ্ধাৰ হোৱা ঘৰিয়ালটো মাইকী আছিল । উল্লেখ্য যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বুঢ়াপাহাৰ, কহঁৰা আৰু অগৰাতলি বনাঞ্চল এলেকাত বহু বছৰ পূৰ্বে বনকৰ্মীয়ে ঘৰিয়াল প্ৰত্যক্ষ কৰিছিল বুলি জানিব পৰা গৈছিল যদিও কোনো তথ্য- প্ৰমাণ কোনেও দিব পৰা নাছিল ।
লগতে পঢ়ক- অবৈধ খোৱাপানী যোগানক লৈ মহানগৰীত অভিযান
এইখিনিতে এটা কথা উল্লেখ কৰিব লাগিব যে পূৱৰ ধৰলিৰী নদীৰ মুখনীৰ পৰা পশ্চিমৰ কলীয়া ভোমোৰা দলঙলৈকে ব্ৰহ্মপুত্ৰৰ এই এলেকা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সংযোজন এলেকাৰ অন্তৰ্গত হোৱা হেতুকে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্ত্তৃপক্ষই বন্যপ্ৰাণী প্ৰতিৰোধ আইনৰ অধীনত কিছু নীতি নিৰ্দেশনাৰে পৰিচালনা কৰি অহাত এই এলেকা ব্ৰহ্মপুত্ৰৰ আন এলেকাতকৈ বন্যপ্ৰাণীৰ কাৰণে কিছু নিৰাপদ হৈ থকালৈ চাই বিলুপ্তপ্ৰায় হবলৈ ধৰা ঘৰিয়াল আৰু থকাৰ সম্ভাৱনা আছে বুলিও প্ৰাণীবিদে জানিবলৈ দিয়ে । গতিকে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অধীনত থকা উক্ত ষষ্ঠ সংযোজন এলেকাত আৰু গবেষণাৰ প্ৰয়োজন আছে বুলিও প্ৰকৃতিপ্ৰেমীয়ে মত প্ৰকাশ কৰে।