নিউজ ডেস্কঃ অসমত বিজেপিৰ দ্বিতীয়টো কাৰ্যকালৰ মুখ্যমন্ত্ৰী হিচাপে হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ শাসনভাৰ গ্ৰহণ কৰাৰ পাছতেই লৈছিল এক বিশেষ সিদ্ধান্ত। সিদ্ধান্ত আছিল কেৱল দিছপুৰতে নহয়, অসমৰ বিভিন্ন জিলাত অনুষ্ঠিত হ’ব ৰাজ্যিক কেবিনেট।

সেই মৰ্মে সিদ্ধান্ত লৈ বৰ্তমান লৈকে মুখ্যমন্ত্ৰী অধ্যক্ষতাত মুঠ ৯ খন জিলাত অনুষ্ঠিত হয় ৰাজ্যিক কেবিনেট।

বিধানসভাৰ চলিত বাজেট অধিৱেশনত কংগ্ৰেছ বিধায়ক কমলাক্ষ দে পুৰকায়স্থয়ে মঙলবাৰে দিছপুৰৰ বাহিৰত অনুষ্ঠিত হোৱা কেবিনেট বৈঠক সমূহত চৰকাৰৰ কিমান টকা ব্যয় হৈছে তাক লৈ চৰকাৰী পক্ষক প্ৰশ্ন কৰে। কমলাক্ষ দে প্ৰশ্নৰ বাবদ মন্ত্ৰী ৰণজিৎ দাসে বিধানসভাত দিয়া তথ্য অনুসৰি, বৰ্তমানলৈকে সৰ্বমুঠ ৯ খন কেবিনেট বৈঠকত ব্যয় পৰিমাণ ৩ কোটি ৬৮ লাখ ৩০ হাজাৰ ১১৬ টকা।

উল্লেখযোগ্য যে, ৯ খন কেবিনেট বৈঠকৰ ভিতৰত সৰ্বাধিক ব্যয় ১ কোটি ১৩ লাখ ৯২ হাজাৰ ৩৯৯ টকাৰে ডিমা হাছাও জিলাত আৰু সৰ্বনিম্ন ৭ লাখ ৬৯ হাজাৰ টকাৰে শোণিতপুৰত ব্যয় কৰা হৈছে।

আনহাতে, যোৰহাটত ৪৮লাখ ৪২ হাজাৰ ১৭৩ টকা, শিলচৰত ৩০ লাখ ৬০ হাজাৰ টকা, কোকৰাঝাৰত ২১লাখ ৯ হাজাৰ ১০৮ টকা, বঙাইগাঁৱত ৫৫ লাখ ৫৪ হাজাৰ ৩৪ টকা, ধেমাজিত ৩৪ লাখ ৮ হাজাৰ ৩৬১টকা, গান্ধীমণ্ডপত ২১লাখ ৭৯হাজাৰ ১২৯টকা আৰু শেহতীয়াকৈ ডিব্রুগড়ত ৩৫ লাখ ১৫ হাজাৰ ৯১২ টকা বৈঠকৰ বাবে ব্যয় কৰা হয়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply