জামুগুৰিহাটঃ শোণিতপুৰত সম্পূৰ্ণ লকডাউন ঘোষণা হোৱাৰ লগে লগে তেজপুৰত দেখা গ’ল মদ কিনিবৰ বাবে ৰাইজৰ লানি নিচিগা ভিৰ ।
আজিৰে পৰা শোণিতপুৰ জিলাত সম্পূৰ্ণ লকডাউন ঘোষণা । সেয়ে মঙলবাৰৰ দিনটোত ৱাইন চপ সমূহত ভিৰ কৰিলে ক্রেতাই ।
আৰু পঢ়কঃছিপাঝাৰত চুৰিকাণ্ড! চোৰে লুটি নিলে লক্ষাধিক টকাৰ সোণৰ আ -অলংকাৰ
দিনৰ ১ বজাৰ পিছতো তেজপুৰৰ কোনো কোনো প্ৰান্তত ৱাইন চপৰ ছাটাৰ খুলিও মদ বিক্ৰী কৰা দেখা গ’ল ।
সপ্তাহজোৰা বন্ধৰ বাবেই এইদৰে ক’ভিড বিধি ভৰিৰে মোহাৰি সকলো ব্যস্ত হৈ পৰিল মদ কিনাত।