হাটশিঙিমাৰী : দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ সদৰস্থিত হাটশিঙিমাৰী অসামৰিক চিকিৎসালয়ত শনিবাৰে ১৮ৰ পৰা ৪৪ বছৰীয়া লোকৰ লগতে সীমান্ত সুৰক্ষা বাহিনী আৰু চিআৰপিএফৰ জোৱান সকলৰ ক’ভিড পৰীক্ষা কৰি ভেকচিন প্ৰদান কৰা হয়।মানকাচৰৰ ভাৰত-বাংলাদেশ সীমান্তৰ নিৰাপত্তাৰ দায়িত্বত থকা বিএছএফ জোৱান আৰু চিআৰপিএফৰ জোৱান সকলক ভেকচিন প্ৰদান কৰা হয়।

বিএছএফ জোৱান আৰু চিআৰপিএফৰ যি সকল জোৱান ছুটীৰ সময়ত ঘৰত গৈ পুনৰ দেশৰ নিৰাপত্তাৰ বাবে সীমান্তত কৰ্তব্যৰ বাবে উভতি আহিছে সেই সকল জোনাক প্ৰথমে হাটশিঙিমাৰী অসামিৰক চিকিৎসালয়ত ক’ভিড পৰীক্ষা কৰি ভেকছনি প্ৰদান কৰাৰ ব্যৱস্থা কৰা হৈছে। তদুপৰি জিলাখনৰ ১২ খনকৈ স্বাস্থ্য কেন্দ্ৰত শুকুৰবাৰৰ পৰা ১৮ৰ পৰা ৪৪ বছৰৰ লোক সকলৰ ক’ভিড পৰীক্ষা কৰি ভেকচিন প্ৰদানৰ কাৰ্যসূচী আৰম্ভ হৈছে। শনিবাৰে দ্বিতীয় দিনাও চিকিৎসালয় কেইখনত ভেকচিন লবলৈ বহু সংখ্যক লোক উপস্থিত হয়।

এই সন্দৰ্ভত হাটশিঙিমাৰী অসামৰিক চিকিৎসালয়ৰ অধ্যক্ষ ডাঃ ছামছুল হক নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে ক’ভিডৰ ভয়াবহতাৰ পৰা নিজকে সুৰক্ষিত কৰি ৰাখিবলৈ হ’লে চৰকাৰী সকলো নিৰ্দেশনা মানি চলাটো অতিকৈ জৰুৰী। তদুপৰি ৰাইজে কিছু সময়ৰ মুৰে মুৰে হাত ধূই হেণ্ড ছেনিটাইচ কৰা, ঘৰৰ পৰা বাহিৰত ওলালে মাক্স পৰিধান কৰা আৰু সামাজিক দূৰত্ব বজাই ৰখাৰ বাহিৰে ইয়াৰ পৰা সুৰক্ষা পোৱাৰ কোনো বিকল্প নাই।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,054 other subscribers

Leave a comment

Leave a Reply