দক্ষিণ শালমাৰা – দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ মানকাচৰ শিক্ষা খণ্ডৰ অন্তৰ্গত ৫০৯ নং ঠাকুৰানবাৰী নমদাসপাৰা এল পি স্কুলত চি আৰ পি এফৰ ৪৮ নং বেলেটলিনৰ উদ্যোগত চিভিক একশ্যান প্ৰ’গ্ৰাম। চিভিক একশ্যান প্ৰ’গ্ৰামৰ জৰিয়তে চি আৰ পি এফে ছাত্ৰ-ছাত্ৰী সকলোৰ বাবে বিজ্ঞান সন্মতভাৱে শৌচালয় নিৰ্মাণ কৰে।
উল্লেখ্য যে ৫০৯ নং ঠাকুৰানবাৰী নমদাসপাৰা এল পি স্কুলত বিজ্ঞান সন্মতভাৱে নিৰ্মাণ কৰা শৌচালয় কেইটা চিভিক একশ্যান প্ৰ’গ্ৰামৰ জৰিয়তে আনুষ্ঠানিকভাৱে মুকলি কৰি দিয়া হয়। উক্ত চিভিক একশ্যান প্ৰ’গ্ৰামত চি আৰ পি এফৰ ৪৮ নং বেলেটলিনৰ উপ-কামাণ্ডেণ্ট নীৰ সিঙ মীনা চি আৰ পি এফৰ কেইবাগৰাকী বিষয়াৰ লগতে মানকাচৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নিতাই চন্দ্ৰ ৰায় আৰু বিদ্যালয়খনৰ প্ৰধান শিক্ষক উপস্থিত থাকে।
অনুষ্ঠানত উপ-কামাণ্ডেণ্ট নীৰ সিঙ মীনাই সদৰি কৰে যে চি আৰ পি এফে বিভিন্ন প্ৰ’গ্ৰামৰ জৰিয়তে ৰাইজৰ লগত সুসম্পৰ্ক গঢ়ি তুলিছে। নীৰ সিঙ মীনাই ছাত্ৰ-ছাত্ৰী সকলোক সুস্বাস্থ্য ৰাখিবলৈ হ’লে চাফ-চিকন থকাৰ লগতে ভালকৈ পঢ়াশুনা কৰাৰ উপৰিও খেল-ধেমালি, শৰীৰ চৰ্চাৰ কৰাৰ প্ৰয়োজন। যদি স্থাস্থ্য ভাল থাকে মস্তিষ্ক ও ভাল থাকিব বুলিও সদৰী কৰে উপ-কামাণ্ডেণ্ট গৰাকীয়ে।