মানকাচৰ : দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ মানকাচৰ চহৰৰ মাজমজিয়াত থকা মানকাচৰ মহাবিদ্যালয়ত দেওবাৰে ৪৮ এ বেটেলিয়ানৰ চি আৰ পি এফ বাহিনীয়ে দুই শতাধিক গছ পুলি ৰোপণ কৰে। বিশ্ব পৰিৱেশ দিৱসৰ দিনৰ পৰা চি আৰ পি এফ বাহিনীয়ে জিলাখনৰ বিভিন্ন চৰকাৰী-বেচৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠানত গছ পুলি ৰোপণৰ কাৰ্যসূচী ৰূপায়ন কৰি আহিছে।
জিলাখনত মুঠ ২৪ হেজাৰ গছ পুলি ৰোপনৰ বাবে চি আৰ পি এফে সংকল্প লৈছে। সেই বাবে ১০-১২ দিনৰ মূৰে মূৰে চি আৰ পি এফ বাহিনীয়ে জিলাখনৰ অধীনত থকা বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানত এই বৃক্ষ ৰোপণ কৰি অহাৰ সমান্তৰালভাৱে দেওবাৰও মানকাচৰ মহাবিদ্যালয়ত দুই শতাধিক গছ পুলি ৰোপণ কৰে।
লগতে পঢ়ক : ক্ষুদ্ৰ চাহ খেতিয়কৰ আকৌ একেই বিননী, নুশুনে চৰকাৰে
চি আৰ পি এফৰ ৪৮ আলফা বেটেলিয়ান কোম্পানীৰ সহকাৰী কমাণ্ডেণ্ট সঞ্জয় কুমাৰ এই বৃক্ষ ৰোপণ কাৰ্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ লগতে মানকাচৰ মহাবিদ্যালয়ৰ অধ্যক্ষ প্ৰদীপ চন্দ্ৰ মহাপাত্ৰ বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি বৃক্ষ ৰোপণ কাৰ্যসূচীত অংশগ্ৰহণ কৰে। চি আৰ পি এফে জিলাখনত প্ৰায় ১৭ শ গছ পুলি ৰোপণ কৰিছে বুলি চি আৰ পি এফৰ ৪৮ আলফা বেটেলিয়ান কোম্পানীৰ সহকাৰী কমাণ্ডেণ্ট গৰাকীয়ে জানিবলৈ দিয়ে।