সৰুপথাৰ: অসম-নাগালেণ্ড সীমান্তৰ চুঙাজানৰ নাওঘাটৰ ১৫৫নং চিআৰপিএফ কেম্পত অঘটন। সতীৰ্থৰ ছাৰ্ভিচ পিষ্টলেৰে গুলীয়াই জোৱানৰ আত্মহত্যা।মৃত জোৱান জনৰ নাম ৰাজ সিং। চিআৰপিএফ কেম্পৰ চৌহদতে এই ঘটনা সংঘটিত হৈছে। এতিয়ালৈকে ঘটনাৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই।
লগতে পঢ়কঃসোণাৰিৰ নামতোলাত বিধ্বংসী অগ্নিকাণ্ড
মৃতদেহটোৰ কাষত ম’বাইল ফোন আৰু হেডফোনডাল পৰি থকাক প্ৰত্যক্ষ কৰি পৰিয়ালৰ লোক অথবা কোনো আত্মীয়ৰ লগত ফোনত কোনো সংঘাত হোৱা বুলি অনুমান কৰা হৈছে। এই সংঘাতৰ পৰিণতিতে এই ঘটনা সংঘটিত কৰা বুলি সন্দেহ কৰা হৈছে। ঘটনাস্থলীত উপস্থিত হৈছে দণ্ডাধীশসহ চিআৰপিএফৰ উচ্চপদস্থ বিষয়া। ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।