মানকাচৰ: চি আৰ পি এফৰ চিভিক একশ্যন প্ৰগ্ৰেমৰ অংশ হিচাপে দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ বিভিন্ন প্ৰান্তৰৰ মুঠ ১৪৯ গৰাকী নিবনুৱা যুৱক যুৱতীৰ বাবে ৪৮ নং বেটেলিয়ান চি আৰ পি এফে ৪৫ দিন পূৰ্বে শাৰীৰিক প্ৰশিক্ষণৰ কাৰ্য্যসূচী সম্পন্ন হয়।
মানকাচৰৰ ভাৰত বাংলাদেশ সীমান্তত থকা ঠাকুৰানবাৰী জাতীয় বিদ্যালয়ত অনুষ্ঠিত হোৱা এই শাৰীৰিক প্ৰশিক্ষণৰ আজি ৪৫ দিনৰ অন্তত কাৰ্য্যসূচী সমাপ্ত কৰা হয়। এই কাৰ্যসূচী সম্পন্ন হোৱা উপলক্ষে চি আৰ পি এফৰ উদ্যোগত প্ৰশিক্ষাৰ্থী সকলক লৈ এখন প্ৰশিক্ষণ সম্পন্ন অনুষ্ঠান অনুষ্ঠিত হয়।
এই অনুষ্ঠানত সমল ব্যক্তি হিচাপে উপস্থিত থাকে জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক সত্য ৰঞ্জন শইকীয়া। আনহাতে ৪৮ বেটেলিয়ান চি আৰ পি এফৰ সহকাৰী কমাণ্ডেণ্ট সঞ্জয় কুমাৰ, মানকাচৰ ৰাজহ চক্ৰ বিষয়া জ্ঞানজ্যোতি দত্ত এই অনুষ্ঠানত উপস্থিত থাকে। এই প্ৰশিক্ষণৰ দ্বাৰা প্ৰশিক্ষৰ্থী সকল যথেষ্ট উপকৃত হব বুলি আশা কৰা হৈছে।