গুৱাহাটী– ক’ৰ্পৰেট খণ্ডৰ সামাজিক দায়বদ্ধতা আঁচনিৰ অধীনত স্বীকৃতি লাভ কৰিছে গুৱাহাটীৰ এখন ব্যক্তিগত খণ্ডৰ হস্পিতালে। বিশ্বব্যাপী সৃষ্টি হোৱা কৰোণা মহামাৰীৰ সময়তো উদ্যোগসমূহক তেওঁলোকৰ সৃজনীশীলতা আৰু অধ্যৱসায়ৰ যোগেৰে আগুৱাই লৈ যোৱাৰ প্ৰচেষ্টাৰ বাবে বিশ্ব চি.এছ.আৰ. দিৱসত প্ৰতি বছৰে যুৱ উদ্যোগীসকলৰ ব্যৱসায়িক সফলতা আৰু বহনক্ষমতাত তেওঁলোকৰ সাফল্য আৰু অৱদানৰ বাবে স্বীকৃতি আগবঢ়োৱা হয়।

 এইবাৰ গুৱাহাটীতস্থিত চুপাৰ-স্পেচিয়েলিটি আই-কেয়াৰ হস্পিটেল, ৰেটিনা চেণ্টাৰে বিশ্ব চি.এছ.আৰ. দিৱস ও বিশ্ব বহনক্ষমতা তৰফৰ পৰা এক গুৰুত্বপূৰ্ণ নেতৃত্ব স্বীকৃতি বঁটা লাভ কৰে। 

তেওঁলোকৰ প্ৰচেষ্টাৰ অংশ হিচাপে বিশ্ব চি.এছ.আৰ. দিৱসে অনুষ্ঠানটোৰ ১৯তম গোলকীয় সংস্কৰণ আৰু চতুৰ্থ ভাৰতীয় সংস্কৰণত বছৰৰ ব্যৱসায়িক নেতা হিচাপে ৰেটিনা কেন্দ্ৰৰ মুখ্য কাৰ্যবাহী বিষয়া ফাৰহাদ আহমেদক পুৰস্কৃত কৰা হৈছে। 

এই ৰেটিনা চেন্টাৰখন হৈছে উত্তৰ-পূব ভাৰতৰ অন্যতম তৃতীয় শ্ৰেষ্ঠ চকু-পৰিচৰ্য্যা চিকিৎসালয়। 

এই হস্পিতালখনৰ মুখ্য কাৰ্যবাহী বিষয়া ফাৰহাদ আহমেদ কয় যে উত্তৰ-পূব ভাৰতৰ চুকেকোণে বাস কৰা লোকসকলক সুলভ ব্যয়ত ”আন্তৰ্জাতিক মানদণ্ডৰ চকুৰ পৰিচৰ্য্যা তথা সেৱা প্ৰদান কৰা মূলমন্ত্রেৰে ২০১৯ চনত ৰেটিনা কেন্দ্ৰ স্থাপন কৰিছিল। এই অঞ্চলটোৱে সুলভ ব্যয়ত মানদণ্ডসম্পন্ন চকু-যত্নৰ বাবে আন্তঃগাঁথনিৰ অভাৱৰ সন্মুখীন হৈ আহিছে। চিকিৎসালয়খনে ৰেটিনা ভিট্ৰিয়াছ, কেটেৰেক্ট, গ্লুকোমা, অকুলপ্লাষ্টি, কৰ্নিয়া, নিউৰো-চক্ষু ৰোগ, পেডিয়াট্ৰিক চক্ষু ৰোগৰ দৰে বিভিন্ন উপ-বিশেষত্ব সহ সেৱা প্ৰদান কৰিব পৰাৰ বাবে গৌৰৱ কৰে।

সময়সাপেক্ষ  চিকিৎসা আন্তঃগাঁথনি আৰু প্ৰশিক্ষিত কৰ্মচাৰীৰ নিয়োগসহ চিকিৎসালয়খনে এক বিশ্বস্ত চকু-সেৱাৰ কেন্দ্ৰ হিচাপে খ্যাতি অৰ্জন কৰিছে। টি.আৰ.চি.ৰ জ্যেষ্ঠ চিকিৎসকৰ দলটোৱে কেইবা লাখ  সফল চকু সেৱা প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিছে। তেওঁলোকে একেলগে তেওঁলোকৰ নিজ নিজ ক্ষেত্ৰত বিশ্বমানৰ দক্ষতা আৰু অভিজ্ঞতাৰ এক বিস্তৃত পৰিসৰৰ সৃষ্টি কৰিছে। 

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply