গুৱাহাটীঃ সাংস্কৃতিক ক্ষেত্ৰখনত বিভিন্ন দিশত অনবদ্য অৱদান আগবঢ়োৱা ব্যক্তিসকললৈ অসম চৰকাৰে বিভিন্ন বঁটা প্ৰদান কৰি আহিছে। শনিবাৰেও ঘোষণা কৰা হ’ল ২০২১ বৰ্ষৰ সাংস্কৃতিক সঞ্চালকালয়ৰ বঁটা। অহা ২০ জুনত ডিব্ৰুগড়ৰ চৌকিডিঙ্গী খেলপথাৰত অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু ডিব্ৰুগড় জিলা প্ৰশাসনৰ সহযোগত আয়োজিত “বিষ্ণু ৰাভা দিৱস, ২০২২ আৰু ৰাষ্ট্ৰীয় তথা ৰাজ্যিক পৰ্য্যায়ৰ বঁটা প্ৰদান অনুষ্ঠান” ত এই বঁটা সমূহ প্ৰদান কৰা হ’ব।
বঁটা সমূহ ৰাষ্ট্ৰীয় তথা ৰাজ্যিক পৰ্য্যায় আগবঢ়োৱা হৈছে। ৰাষ্ট্ৰীয় পৰ্য্যায়ত আগবঢ়োৱা হৈছে নাগালেণ্ডৰ লোক-সংস্কৃতিৰ গৱেষক অনুংলা আয়াৰলৈ ‘কালীচৰণ ব্ৰহ্ম ৰাষ্ট্ৰীয় বঁটা’, লোকতত্ত্ববিদ অমলেন্দু ভট্টাচাৰ্যলৈ ‘আজান পীৰ ৰাষ্ট্ৰীয় বঁটা’, নৰেন কলিতালৈ ‘কৃষ্ণকান্ত সন্দিকৈ বঁটা’ ।
আনহাতে ৰাজ্যিক পৰ্যায়ত আগবঢ়োৱা হৈছে নৃত্য-পটীয়সী শাৰদী শইকীয়া আৰু চিত্ৰ-শিল্পী চন্দ্ৰকমল গগৈলৈ ‘বিষ্ণু ৰাভা বঁটা’, বিশিষ্ট অভিনেত্ৰী মৃদুলা বৰুৱালৈ ‘পাৰ্বতিপ্ৰসাদ বৰুৱা বঁটা’, লেখিকা ইলা বৰগোহাঁইলৈ ‘অমলপ্ৰভা দাস বঁটা’, লীলাৱতী কুশ্ৰেলৈ ‘চন্দ্ৰপ্ৰভা শইকীয়ানী বঁটা’, ঔপন্যাসিক ফণীন্দ্ৰ কুমাৰ দেৱ চৌধুৰীলৈ ‘মামণি ৰয়ছম গোস্বামী বঁটা’, সাহিত্যিক ছবিলাল উপাধ্যায়লৈ ‘চৈয়দ আব্দুল মালিক বঁটা’, অনাতাঁৰ শিল্পী -ঘোষক চৈয়দ ছাদুল্লালৈ ‘আহমদ আলী বাঁশকান্দি বঁটা’, কবি বংশী বৰালৈ ‘গণেশ গগৈ বঁটা’, সমাজ সেৱক হেমন্ত গোহাঁইলৈ ‘স্বৰ্গদেউ সৰ্বানন্দ সিংহ বঁটা’ আৰু নৃত্য শিল্পী ননী বৰুৱালৈ আগবঢ়োৱা হৈছে ‘শোণিত কোঁৱৰ গজেন বৰুৱা বঁটা’।
মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাই বিশিষ্ট ব্যক্তিসকলক উক্ত অনুষ্ঠানত বঁটা প্ৰদান কৰিব। এই সন্দৰ্ভত শনিবাৰে গুৱাহাটীত এক সংবাদ মেল যোগে ঘোষণা কৰে মন্ত্ৰী বিমল বৰাই।