গুৱাহাটী : অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ প্ৰথমগৰাকী নায়িকা, অসমীয়া ছবিৰ জ্যেষ্ঠ অভিনেত্ৰী অনুপমা ভট্টাচাৰ্যৰ বৰ্তমানৰ অৱস্থাৰ বুজ ল’বলৈ কিছুদিন পূৰ্বে উপস্থিত হৈছিল সাংস্কৃতিক সাংবাদিক সন্থা, অসমৰ বিষয়ববীয়া। ৯৩ বছৰ বয়সীয়া শিল্পীগৰাকীৰ অলপতে তেওঁৰ ভাতৃ তথা বিশিষ্ট কাৰ্টুনিষ্ট ত্ৰৈলোক্য দত্তক হেৰুওৱাৰ পাছত সম্পূৰ্ণ অকলশৰীয়া হৈ পৰে। বৰ্তমান তেওঁৰ সংগী হিচাপে আছে ৬০ বছৰীয়া এগৰাকী মহিলা যাক শিল্পীগৰাকীয়ে মাহেকত দিব লাগে ৬০০০ টকা। সেয়েহে তেওঁক কিছু আৰ্থিক সাহায্য প্ৰদান কৰাৰ বাবে সাংস্কৃতিক সাংবাদিক সন্থাৰ সম্পাদক শিৱাণু বৰাই মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনোৱাৰ পাছতেই ২ ঘণ্টাৰ ভিতৰত সাংস্কৃতিক মন্ত্ৰী বিমল বৰাক শিল্পীগৰাকীৰ ক্ষেত্ৰত সু-ব্যৱস্থা ল’বলৈ নিৰ্দেশ দিয়ে।

সেই অনুসৰি মঙলাবাৰে পুৱা ৯ বজাত হাতীগাঁৱৰ লখিমী পথস্থিত শিল্পীগৰাকীৰ বাসগৃহত উপস্থিত হৈ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰাই মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই তেখেতৰ সুস্বাস্থ্য আৰু দীৰ্ঘ জীৱন কামনা কৰি প্ৰদান কৰা ১ লাখ টকাৰ এককালীন আৰ্থিক সাহায্য শিল্পীগৰাকীৰ হাতত অৰ্পন কৰে। উল্লেখ্য যে ১৯৬৩ চনৰ ২ অক্টোবৰত নাট্যকাৰ অচ্যুত লহকৰে জন্ম দিয়া ‘নটৰাজ থিয়েটাৰ’ অসমৰ প্ৰথমখন বাটকটীয়া ভ্ৰাম্যমাণ থিয়েটাৰ। উল্লেখিত ২ অক্টোবৰৰ প্ৰথমটো নিশাৰ নাটকখন আছিল ফণী শৰ্মাৰ ‘ভোগজৰা’। সেই প্ৰথমটো নাট্যদলত অভিনয় কৰা চিৰস্মৰণীয় শিল্পীসকল আছিল ধৰণী বৰ্মন, অনুপমা ভট্টাচাৰ্য, চন্দ্ৰ চৌধৰী, সদা লহকৰ ইত্যাদি।

আৰু পঢ়কঃ মুখ্যমন্ত্ৰীৰ সাহায্য পুজিলৈ এদিনৰ দৰমহা প্ৰদানৰ ঘোষণা সদৌ অসম সমবায় বিষয়া সন্থাৰ

উল্লেখযোগ্য যে ভ্ৰাম্যমাণত অভিনয় কৰা প্ৰথম গৰাকী অভিনেত্ৰী তথা মঞ্চ সফল নায়িকা আছিল অনুপমা ভট্টাচাৰ্য। সম্প্ৰতি ভ্ৰাম্যমাণৰ জন্মদলত অভিনয় কৰা একমাত্ৰ জীয়াই থকা অভিনেত্ৰীগৰাকীয়ে হৈছে অনুপমা ভট্টাচাৰ্য । ভ্ৰাম্যমাণৰ প্ৰথম গৰাকী অভিনেত্ৰী তথা চলচ্চিত্ৰৰো অভিনেত্ৰী অনুপমা ভট্টাচাৰ্যই মাত্ৰ ১৬ বছৰ বয়সত প্ৰথম মুভী কেমেৰাৰ সন্মুখীন হৈ নটসূৰ্য ফণী শৰ্মা আৰু কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা পৰিচালিত তথা ১৯৪৮ চনত মুক্তিলাভ কৰা ‘চিৰাজ’ৰ জৰিয়তে ৰূপালী পৰ্দাত আত্মপ্ৰকাশ কৰিছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 4,905 other subscribers

Leave a comment

Leave a Reply