নগাঁও : সাম্প্ৰতিক সময়ত চাইবাৰ অপৰাধীয়ে ব্যাপক সন্ত্ৰাসৰ সৃষ্টি কৰিছে ৰাইজৰ মাজত। সামাজিক মাধ্যমত ভুৱা একাউণ্ট খুলি বহু লোকক হাৰাশাস্তি কৰি এচাম দুষ্ট চক্ৰই সমাজত অশান্তি বিয়পোৱাৰ লগতে বহু লোকক হেয় প্ৰতিপন্ন কৰা দেখা গৈছে।

শেহতীয়া ভাৱে, এনে দুষ্ট চক্ৰৰ বিৰুদ্ধে কঠোৰ হৈছে নগাঁও আৰক্ষী। নগাঁৱৰ এগৰাকী মহিলাৰ নামত ভুৱা ফেচবুক একাউণ্ট খুলি অশ্লীল্ল ফটো আপলোড কৰা এগৰাকী অপৰাধীক গ্ৰেপ্তাৰ কৰে নগাঁও আৰক্ষীয়ে।

নগাঁৱৰ হয়বৰগাঁও আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া তৰংগ পাটোৱাৰীৰ নেতৃত্বত নগাঁও আৰক্ষীৰ এটা দলে গুৱাহাটীৰ ৰিহাবাৰীত আৰক্ষীৰ এটা দলে অভিযান চলায় ধ্ৰুৱজ্যোতি গোস্বামী নামৰ এজন চাইবাৰ অপৰাধীক গ্ৰেপ্তাৰ কৰে।

আৰক্ষীয়ে লগতে জব্দ কৰিছে ব্যক্তিগৰাকীৰ লেপটপ আৰু মোবাইল ফোন। হয়বৰগাঁও আৰক্ষী চকীত ৰুজু হৈ থকা ১১১৯/২১ নম্বৰ গোচৰৰ ভিত্তিত নগাঁও আৰক্ষীয়ে এই অভিযান চলাইছিল। আৰক্ষী সুত্ৰে জানিবপৰা মতে, অভিযুক্ত গোস্বামীয়ে মহিলাগৰাকীৰ লগতে তেঁওৰ কন্যাৰো আপত্তিজনক ফটো সামাজিক মাধ্যমত ভুৱা একাউণ্টৰ জৰিয়তে প্ৰকাশ কৰিছিল।

লগতে পঢ়ক-ৰাষ্ট্রীয়কৃত বেংক ব্যক্তিগতকৰণৰ বিৰোধীতাৰে বেংক ইউনিয়নৰ মহানগৰীত ধৰ্ণা

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,006 other subscribers

Leave a comment

Leave a Reply