জুৰীয়া : জুৰীয়াত আনন্দ মিশ্ৰ বাহিনীৰ সফল অভিযান।আৰক্ষীৰ অভিযানত আটক চাইবাৰ ক্ৰাইমত জড়িত যুৱক। জুৰীয়া আৰক্ষীয়ে দেওবাৰে নিশা মোকাদ্দিৰ খান নামৰ চাইবাৰ ক্ৰইমত লিপ্ত যুৱক জনক আটক কৰে।
এক গোপন সূত্ৰৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলাই চাইবাৰ ক্ৰইমত লিপ্ত যুৱক জনক আটক কৰে। চাইবাৰ আপৰাধীজনক জেঙনি চুইছ গেট বজাৰৰ পৰা আটক কৰে আৰক্ষীয়ে। ধৃত মোকাদ্দিৰ খান গৰৈমাৰী পাম গাঁৱৰ বাসিন্দা।
ধৃত মোকাদ্দিৰ খানে ১০ হেজাৰ টকাকৈ ঋণ মঞ্জুৰ কৰাৰ টোপ দি অঞ্চলটোৰ বহু মহিলা পৰা আধাৰ কাৰ্ড, পেন কাৰ্ড আৰু ভোটাৰ পৰিচয় পত্ৰ সংগ্ৰহ কৰা বুলি অভিযোগ উত্থাপন হৈছিল।গোপনে বহু মহিলাৰ নামত ঋণ মঞ্জুৰ কৰাই ধন আত্মসাৎ কৰাৰ অভিযোগ উঠিছে ধৃত চাইবাৰ অপৰাধীজনৰ বিৰুদ্ধে।
লগতে পঢ়ক : অসম দৃষ্টিহীন ক্ৰিকেট দললৈ ১৪ জন খেলুৱৈক বাছনি
মোকাদ্দিৰৰ বিৰুদ্ধে আৰক্ষী থানাত দাখিল কৰা হৈছিল এজাহাৰ। শতাধিক মহিলাই মোকাদ্দিৰ খানৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচীও ৰূপায়ন কৰিছিল। আৰক্ষীয়ে ধৃত চাইবাৰ অপৰাধীজনক জেৰা অব্যাহত ৰাখিছে।