মানকাচৰ : বিশ্বশান্তিৰ বাৰ্তা লৈ ৰাজ্যৰ ৩৩ খন জিলাত চাইকেল যাত্ৰা। ৩৩ খন জিলাৰ ভ্ৰমণ সামৰি মানকাচৰত উপস্থিত হ’ল নবীন চন্দ্ৰ দত্ত। প্ৰায় ডেৰ মাহ পূৰ্বে বিশ্বশান্তিৰ বাবে শদিয়াৰ পৰা যাত্ৰা আৰম্ভ কৰিছিল নবীন চন্দ্ৰ দত্তই।
বিশ্বশান্তিৰ বাৰ্তা লৈ শদিয়াৰ পৰা চাইকেলেৰে অসম ভ্ৰমণ কৰি অৱশেষত মানকাচৰত উপস্থিত হয় নবীন চন্দ্ৰ দত্ত নামৰ ৭৪ বছৰীয়া বৃদ্ধ এগৰাকী। যোৰহাট জিলাৰ তিতাবৰ সমষ্টিৰ বাসিন্ধা নবীন চন্দ্ৰ দত্তই প্ৰায় ডেৰ মাহ পূৰ্বে শিক্ষাৰ্থী আৰু ৰাইজৰ মাজত বিশ্বশান্তিৰ বাবে সজাগতা সৃষ্টি কৰাৰ উদ্দেশ্যে ঘৰৰ পৰা চাইকেল লৈ ওলাই আহিছিল।
অসমৰ ৩৩ খন জিলা ভ্ৰমণ কৰি অন্তিম পৰ্যায়ত নবীন চন্দ্ৰ দত্ত উপস্থিত হয় দক্ষিণ শালমাৰা মানকাচৰ জিলাত। বিশ্বশান্তি, সুস্বাস্থ্য আৰু প্ৰদূষণমুক্ত পৰিৱেশৰ বাবে চাইকেল চলোৱা, জল সংৰক্ষণ আৰু সেউজধাৰাৰ প্ৰতি সজাগতা অনাৰ প্ৰয়াসেৰে নবীন চন্দ্ৰ দত্তই এই চাইকেল যাত্ৰা আৰম্ভ কৰিছিল।
শুকুৰবাৰে ধুবুৰীৰ পৰা ফেৰী যোগে হাটশিঙিমাৰীত আহি মানকাচৰ মহাবিদ্যালয়ত নবীন চন্দ্ৰ দত্তই আশ্ৰয় লয়। মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী আৰু ৰাইজৰ মাজত চাইকেল চলোৱাৰ উপকাৰিতাৰ বিষয়ে প্ৰচাৰ চলাই অসমৰ সকলো লোকক চাইকেল চলাবলৈ নবীন চন্দ্ৰ দত্তই আহ্বান জনায়।
মানকাচৰ মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলৰ লগতে সমগ্ৰ ৰাজ্যবাসীক চাইকেল চলোৱাৰ উপকাৰিতাৰ বিষয়ে অনাগত দিনত তেওঁৰ এই সজাগতা অভিযান অব্যাহত থাকিব বুলি জানিবলৈ দিয়ে নবীন চন্দ্ৰ দত্তই। মানকাচৰত চাইকেল যাত্ৰাৰ অন্ত পেলাই গুৱাহাটীলৈ ৰাওনা হয় নবীন চন্দ্ৰ দত্ত।