ৰাণী : ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদক ভাৰতীয় সংবিধানত অন্তৰ্ভুক্ত কৰাৰ দাবী আৰু জনজাতীয় লোকৰ পৰা ভূমিৰ অধিকাৰ চৰকাৰে কাঢ়ি ল’ব খোজাৰ বিৰোধীতাৰে ৰাভা দল-সংগঠনে উলিয়ালে চাইকেল সমদল। পুনৰ অগ্নিগৰ্ভা হ’ব নেকি ৰাভা হাছং।

ৰাভা লোকসকলে দীৰ্ঘদিন ধৰি বিভিন্ন দাবীৰ সমৰ্থনত আন্দোলন কৰি আহিছে যদিও সদায়ে উপক্ষিত হৈয়ে আছে। এইবাৰ জনজাতীয় লোকসকলৰ হাতৰ পৰা ভূমিৰ অধিকাৰো এইখন চৰকাৰে কাঢ়ি ল’ব খোজাৰ অভিযোগ উত্থাপন কৰি ক্ষোভিত হৈ উঠিছে ৰাভা দল-সংগঠন।

লগতে পঢ়ক : যানবাহন শাখাৰ আৰক্ষীক মাৰধৰ কৰি জেললৈ ৬ যুৱক

ৰাভা দল-সংগঠনে দীৰ্ঘদিন ধৰি ৰাভা স্বায়ত্ব শাসিত পৰিষদক ভাৰতীয় সংবিধানত ৬ষ্ঠ অনুসুচিত অন্তৰ্ভুক্ত কৰাৰ দাবীৰে আন্দোলন কৰি আহিছে যদিও গুৰুত্ব দিয়া নাই কোনো এখন চৰকাৰে যাৰ বাবে কৰ্মী সজাগতাৰ উদ্দেশ্য আগত ৰাখি কামৰূপ জিলা ৰাভা ছাত্ৰ সন্থা, কামৰূপ জিলা ৰাভা মহিলা পৰিষদ আৰু কামৰূপ জিলা ৬ষ্ঠ অনুসুচী দাবী সমিতিৰ উদ্যোগত দেওবাৰে দুদিনীয়া চাইকেল সমদল ৰাণীৰ পৰা আৰম্ভণি কৰে। মূলত ভাৰতীয় সংবিধানত পৰিসদখন অন্তৰ্ভুক্ত কৰা আৰু ভূমিৰ অধিকাৰ তেওলোকৰ হাতত ন্যস্ত থকাৰ দাবীৰে এই সমদল উলিয়াই।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply