যােৰহাট – যোৰহাটত ভোটাৰ সকলৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যে চাইকেল ৰেলীৰ আয়োজন। সমাগত অসম বিধানসভা নির্বাচনত ভােটাধিকাৰ সাব্যস্ত কৰাৰ প্ৰতি ৰাইজক সজাগ কৰাৰ উদ্দেশ্যে যােৰহাট জিলা প্রশাসনৰ উদ্যোগত আৰু যােৰহাট চাইক্লিং কমিউনিটি সহযােগত চাইকেল ৰেলীৰ আয়োজন কৰা হয়।

মঙলাবাৰে পুৱাৰ ভাগত অনুষ্ঠিত কৰা চাইকেল ৰেলীত পেৰা চাইক্লিষ্ট তথা অসম বিধানসভা নির্বাচনৰ “ষ্টেট আইকন” ৰাকেশ বনিকে মুখ্য অতিথি হিচাপে অংশ গ্রহণ কৰে। পুৱা ৬ বজাত যােৰহাট উপায়ুক্ত কার্যালয়ৰ সন্মুখত যােৰহাট জিলাৰ সহকাৰী আয়ুক্ত পৰিণীতা চক্ৰৱৰ্তী আৰু পূৱ যােৰহাট ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ( সংলগ্ন ) কৃর্তিকা শমইি পতাকা জোকাৰি চাইকেল ৰেলীৰ শুভাৰম্ভ কৰে।

চাইকেল ৰেলীটো উপায়ুক্তৰ কার্যালয়ৰ পৰা ক্ৰমে এ.টি ৰােড, জে বি বােড়, মালৌ আলি, চোলাধৰা, তৰুণৰাম ফুকন। পথ আৰু বৰপাত্র আলি হৈ আগবাঢ়ি যােৰহাট আৱৰ্ত্ত ভৱনত সামৰণি পৰে। উক্ত চাইকেল ৰেলীত যােৰহাট চাইক্লিং কমিটিৰ ৩৫ জন চাইক্লিষ্টে অংশ গ্রহণ কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,033 other subscribers

Leave a comment

Leave a Reply