নিউজ ডেস্ক: ডিব্ৰুগড় চহৰৰ চাইক্লিং ক্লাবে ৭৫ তম স্বাধীনতা দিৱস উপলক্ষে আয়োজন কৰে এখনি চাইকেল ৰেলীৰ। প্ৰায় ৪০ জনতকৈ অধিক চাইকেল আৰোহীয়ে অংশগ্ৰহণ কৰে আজিৰ চাইকেল ৰেলীত।
ফিনিক্স অটোমোবাইল অভাৰব্ৰীজৰ পৰা আৰম্ভ কৰি চকীডিঙি অভিমুখে আগবাঢ়ি কনভয় ৰোড হৈ পল্টনবজাৰৰ পৰা চাৰ্কিট হাউচলৈ ফুলবাগানৰ পৰা এইচ এছ ৰোডলৈ আমোলাপতিলৈ ষ্টেচন পথলৈ প্ৰায় চহৰখনৰ মুঠ ১৮ কিলোমিটাৰ দুৰত্ব অতিক্ৰম কৰি সমাপ্ত কৰে আজিৰ এই ৰেলীটো।

ইন্ধন সংৰক্ষণৰ বাৰ্তা আৰু পৰিষ্কাৰ পৰিচ্ছন্নতাৰ দিশত ৰাইজক সজাগ কৰিবলৈ আজি এই চাইকেল ৰেলী উলিওৱা বুলি জানিব দিয়ে ডিব্ৰুগড় চাইক্লিং ক্লাবৰ কৰ্মকৰ্তাই।
আনহাতে গুৱাহাটীৰ সাতগাৱঁৰ পৰা লাচিত ঘাটলৈ এন ডি আৰ এফ(NDRF)ৰ প্ৰথম বেটেলিয়নৰ জোৱানসকলে ৭৫তম স্বাধীনতা দিৱস উপলক্ষ্যে এক চাইকেল ৰেলী উলিয়ায়।

লগতে পঢ়ক স্বাধীনতা দিৱসত মুখ্যমন্ত্ৰীয়ে দহটা সংকল্প ল’বলৈ আহ্বান জনালে ৰাইজক

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,221 other subscribers

Leave a comment

Leave a Reply